কোকৰাঝাৰত যানজঁটত বাহনৰ খুন্দাত কেইবাখনো বাইক ক্ষতিগ্ৰস্ত
কোকৰাঝাৰ: কোকৰাঝাৰ চহৰত তীব্ৰ যানজঁটৰ মাজতে এখন বাহনে কেইবাখনো বাইকত খুন্দা মৰাৰ লগতে এজন লোকক চোচৰাই নিয়াৰ অভিযোগক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ ৰে’ল গেটৰ সন্মুখত ঘটনাটো সংঘটিত হয়।
জানিব পৰা মতে, ৰে’ল গেটৰ সন্মুখত সৃষ্টি হোৱা তীব্ৰ যানজঁটৰ বাবে বহু লোক আৰু বাহন আবদ্ধ হৈ পৰিছিল। ইয়াৰ মাজতে যানজঁটত আবদ্ধ এখন বাহনে কেইবাখনো বাইকত খুন্দা মৰাৰ লগতে এজন লোকক চোচৰাই নিয়াৰ অভিযোগ উত্থাপন হয়।
ঘটনাটোক কেন্দ্ৰ কৰি ক্ষুব্ধ হৈ পৰে একাংশ স্থানীয় লোক। যানজঁটত আবদ্ধ হৈ পৰাৰ খঙতে বাহনখনৰ চালকজনে ইচ্ছাকৃতভাৱে এনে কাণ্ড সংঘটিত কৰা বুলি অভিযোগ তোলে ক্ষুব্ধ ৰাইজে। অৱশ্যে এই অভিযোগৰ সত্যতা সম্পৰ্কে আৰক্ষীৰ পৰা সবিশেষ তথ্য প্ৰকাশ কৰা হোৱা নাই।

অভিযোগক কেন্দ্ৰ কৰি ঘটনাস্থলীত পৰিস্থিতি উত্তপ্ত হৈ পৰে। ক্ষুব্ধ একাংশ লোকে বাহনখন ভাঙি লণ্ডভণ্ড কৰাৰ অভিযোগ উত্থাপন হৈছে।
ঘটনাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আঘাতপ্ৰাপ্ত লোকজনক আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰে। লগতে বাহনখনসহ চালকজনক থানালৈ লৈ যোৱা হয়।
ঘটনাটোক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। যানজঁটৰ মাজত প্ৰকৃততে কেনেদৰে এই ঘটনা সংঘটিত হ’ল আৰু চালকজনে ইচ্ছাকৃতভাৱে বাহন চলাইছিল নে নহয়, তদন্তৰ পিছতহে সেই কথা স্পষ্ট হ’ব।