Your Mic Your Voice

খানাপাৰাত মৃতদেহ উদ্ধাৰৰ ঘটনাত এজন গ্ৰেপ্তাৰ

0

মহানগৰীৰ খানাপাৰাত দুদিন পূৰ্বে উদ্ধাৰ হোৱা মহিলাৰ মৃ_তদেহৰ ৰহস্য ভেদ কৰিলে আৰক্ষীয়ে। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰদীপ টায়েক।

দুদিন পূৰ্বে খানাপাৰাৰ এটা নলাত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ মৃ_তদেহ। হত্যা কৰি বস্তাত বান্ধি দুৰ্বৃত্তই মৃ_তদেহটো নলাত পেলাই দিয়া বুলি তদন্তত পোহৰলৈ আহিছে।

unimex

আৰক্ষীৰ তদন্তত প্ৰকাশ পোৱা মতে, পৰকীয়া প্ৰেমৰ পৰিণতিতে প্ৰদীপে জিনা নামৰ মহিলাগৰাকীৰ জীৱন শেষ কৰাৰ সন্দেহ কৰা হৈছে। ১ নৱেম্বৰৰ দিনা এই হত্যাকাণ্ড সংঘটিত কৰিছিল প্ৰদীপে।

ঘটনাৰ পাছত আৰক্ষীয়ে অভিযুক্তৰ পৰা হত্যাত ব্যৱহৃত এখন দা জব্দ কৰিছে। লগতে মৃ*তদেহ পেলোৱাৰ সময়ত ব্যৱহৃত বাহনখনো জব্দ কৰা হৈছে।

বৃত্তিত প্ৰদীপ এজন মেজিক চালক। বৰ্তমান আৰক্ষীয়ে তেওঁক জেৰা অব্যাহত ৰাখিছে আৰু ঘটনাৰ সৈতে আন কোনোবা জড়িত আছে নেকি, সেই দিশতো তদন্ত চলাইছে।

Leave A Reply

Your email address will not be published.

Translate »