নিউয়ৰ্কত ICE এজেন্টৰ গুলী, ৫ বছৰীয়া শিশু থকা গাড়ীত ২৮ বছৰীয়া যুৱক আহত; ট্ৰাম্পৰ সৈতে আলোচনা বিফল বুলি মেয়ৰ মামদানিৰ অভিযোগ
নিউয়ৰ্ক চহৰৰ ব্ৰংক্সৰ মাৰ্বল হিল অঞ্চলত বৃহস্পতিবাৰে বিয়লি ৪ বজাত ICE – ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফোৰ্চমেণ্টৰ এজেন্টে গুলীচালনা কৰে।
লক্ষ্য আছিল ডমিনিকান ৰিপাব্লিকৰ ২৮ বছৰীয়া অস্কাৰ বেলগাল। তেওঁ নিজৰ গাড়ীত ৫ বছৰীয়া পুত্ৰৰ সৈতে আছিল। প্ৰত্যক্ষদৰ্শীৰ মতে, এজেন্টসকলে গাড়ীখন ঘেৰি ধৰি কেইবাজাঁই গুলী চলায়। ডিঙিত আঘাত লাগে যদিও তেওঁৰ অৱস্থা সংকটজনক নহয়। শিশুটি অক্ষত আছে আৰু পৰিয়ালৰ জিম্মাত আছে।
DHS -ৰ মতে, বেলগালৰ বিৰুদ্ধে grand larceny ৰ দোষী সাব্যস্তৰ ৰেকৰ্ড আছে আৰু তেওঁ Trinitarios গেংৰ সৈতে জড়িত। ICE য়ে কয় – “targeted enforcement operation” চলি আছিল।
ঘটনাৰ পিছত নিউয়ৰ্কৰ মেয়ৰ জোহৰান মামদানিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় – “এইটো অক্ষমনীয়। ভগৱানক ধন্যবাদ শিশুটি শাৰীৰিকভাৱে সুৰক্ষিত।”

মামদানিয়ে জনায় যে তেওঁ প্ৰেছিডেণ্ট ড’নাল্ড ট্ৰাম্প আৰু DHS সচিব মাৰ্কৱেইন মুলিনৰ সৈতে ২ ঘণ্টা ধৰি ফোনত বেলগালক মুকলি কৰাৰ বাবে আলোচনা কৰিছিল, কিন্তু আলোচনা বিফল হয়। আহত অৱস্থাতে NYPD ৰ পৰা ICE য়ে তেওঁক নিজৰ জিম্মালৈ লৈ যায়। চিকিৎসালয়ৰ পৰা ক’লা কাঁচৰ গাড়ীত তেওঁক লৈ যোৱা হয়।
মামদানিয়ে দাবী জনায় – “ICE এজেন্টসকলে ঘটনাস্থলী এৰক, নিউয়ৰ্ক চহৰত সকলো অভিযান বন্ধ কৰক। এই কাৰ্যই চহৰখনক আৰু ভয়াতুৰ কৰি তুলিছে।” তেওঁ X ত লিখে – “Get ICE out of our neighborhoods. Get ICE out of our hospitals.”
ঘটনাস্থলীত শতাধিক প্ৰতিবাদকাৰীয়ে বিক্ষোভ কৰে, ৫ জনক আটক কৰা হৈছে। FBI আৰু DHS য়ে তদন্ত আৰম্ভ কৰিছে।
এইটো ট্ৰাম্পৰ দ্বিতীয় কাৰ্যকালৰ কঠোৰ প্ৰব্ৰজন অভিযানৰ পিছত নিউয়ৰ্কত ICE ৰ প্ৰথম গুলীচালনাৰ ঘটনা।