বিধানসভাৰ বিশেষাধিকাৰ বনাম বাক স্বাধীনতা: উচ্চতম ন্যায়ালয়ৰ ৰেফাৰেন্স কি আছিল?
উচ্চতম ন্যায়ালয়ে ৬ অক্টোবৰ ২০২৬ তাৰিখে ২২ বছৰ পুৰণি এটা গুৰুত্বপূৰ্ণ সাংবিধানিক প্ৰশ্নৰ নিষ্পত্তি কৰে।
২০০৩ চনত The Hindu কাকতত ‘Rising Intolerance’ শীৰ্ষক এটা সম্পাদকীয় প্ৰকাশ পাইছিল। তাত তেতিয়াৰ তামিলনাডুৰ মুখ্যমন্ত্ৰী জে. জয়ললিতাৰ “কর্তৃত্ববাদী” কাৰ্যকলাপৰ সমালোচনা কৰা হৈছিল।
ইয়াৰ পিছতে তামিলনাডু বিধানসভাৰ অধ্যক্ষ কে. কলিমুথুৱে ৭ নৱেম্বৰ ২০০৩ তাৰিখে এক প্ৰস্তাৱ গৃহীত কৰে – এই সম্পাদকীয় বিধানসভাৰ বিশেষাধিকাৰ উলংঘন। এই অভিযোগত The Hindu ৰ ৫ জন জ্যেষ্ঠ সম্পাদক – এন. ৰবি, মালিনী পাৰ্থসাৰথি, ভি জয়ন্ত, ৰাধা ভেংকটেশ্বন আৰু এছ ৰংগৰাজনক ১৫ দিনৰ বাবে জেলত দিয়াৰ নিৰ্দেশ দিয়ে। চেন্নাইত কাকতৰ কাৰ্যালয়ত অভিযান চলোৱা হয়।
সাংবাদিকসকলে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে। ন্যায়ালয়ে গ্ৰেপ্তাৰত স্থগিতাদেশ দিয়ে।
এই ঘটনাই এটা ডাঙৰ প্ৰশ্নৰ জন্ম দিলে –
অনুচ্ছেদ ১৯(১)(a) ৰ অধীনত নাগৰিকৰ বাক স্বাধীনতা ডাঙৰ নে অনুচ্ছেদ ১৯৪(৩) ৰ অধীনত বিধায়ক/সাংসদৰ বিশেষাধিকাৰ ডাঙৰ? বিধানসভাই প্ৰেছৰ স্বাধীনতাক দমন কৰিবলৈ বিশেষাধিকাৰ ব্যৱহাৰ কৰিব পাৰে নে? আদালতে এই বিশেষাধিকাৰৰ বিচাৰ কৰিব পাৰে নে?

এই প্ৰশ্নৰ বাবে ২০০৩ চনৰ ডিচেম্বৰত ৫ জনীয়া বিচাৰপীঠলৈ, তাৰ পিছত ৭ জনীয়া সাংবিধানিক বিচাৰপীঠলৈ ৰেফাৰ কৰা হৈছিল।
CJI সূৰ্য কান্ত আৰু ন্যায়াধীশ অৰবিন্দ কুমাৰ, পি কে মিশ্ৰ, জয়মাল্য বাগচী, বিপুল পাঞ্চলি, শ্রী চন্দ্ৰশেখৰ আৰু ভি মোহনাৰ ৭ জনীয়া বিচাৰপীঠে এই ৰেফাৰেন্সটো “infructuous” – অৰ্থহীন বুলি বন্ধ কৰি দিয়ে।
কাৰণ – তামিলনাডু চৰকাৰৰ অধিবক্তা ৰাজু ৰামচন্দ্ৰনে জনায় যে যিটো ২০০৩ চনৰ প্ৰস্তাৱৰ ভিত্তিত এই গোচৰ আৰম্ভ হৈছিল, সেই প্ৰস্তাৱটো ১৩ জুলাই ২০০৪ তাৰিখে বিধানসভাই নিজেই প্ৰত্যাহাৰ কৰিছিল। এই তথ্য ২০০৪ চনৰ শপতনামাত আছিল, কিন্তু ৰেফাৰেন্সৰ সময়ত ন্যায়ালয়ৰ চকুত পৰা নাছিল।
সেয়ে এতিয়া কোনো জীৱন্ত বিবাদ নাই। কিন্তু ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে আইনৰ প্ৰশ্নবোৰ ভৱিষ্যতে আন কোনো গোচৰত বিচাৰৰ বাবে মুকলি থাকিব।
জ্যেষ্ঠ অধিবক্তা এ এম সিংভিয়ে ধেমালিতে কয় – “৭ জনীয়া বিচাৰপীঠৰ আটাইতকৈ চমু শুনানি আৰু আটাইতকৈ দ্ৰুত নিষ্পত্তিৰ ৰেকৰ্ড হ’ল।”