Your Mic Your Voice

পত্নীক হত্যা কৰাৰ পিছত স্বামীৰ আত্মহত্যা

0

চতিয়া: শোণিতপুৰ জিলাৰ চতিয়াৰ বালিঘাটত পুৱাৰ ভাগত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘৰৰ ভিতৰতে এগৰাকী মহিলাক চোকা অস্ত্ৰৰে হত্যা কৰাৰ পিছত তেওঁৰ স্বামীয়ে আত্মহত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে।

মৃত দুজনক বালিঘাটৰ বাসিন্দা ৰুদ্ৰ থাপা আৰু তেওঁৰ পত্নী মঞ্জু থাপা বুলি চিনাক্ত কৰা হৈছে। প্ৰাথমিক তথ্য অনুসৰি, ৰুদ্ৰ থাপাই পত্নী মঞ্জু থাপাক হত্যা কৰাৰ পিছত নিজ বাসগৃহতে আত্মহত্যা কৰে। পুৱা পৰিয়ালৰ লোক তথা স্থানীয় লোকে ঘটনাটো পোহৰলৈ অনাৰ পিছতে চতিয়া আৰক্ষীক খবৰ দিয়া হয়। আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ দুয়োৰে মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে।

unimex

ইফালে ঘটনাৰ প্ৰকৃত কাৰণ এই পৰ্যন্ত স্পষ্ট হোৱা নাই। কি পৰিস্থিতিত এই হত্যাকাণ্ড সংঘটিত হোৱাৰ লগতে তাৰ পিছত স্বামীয়ে আত্মহত্যাৰ পথ বাছি ল’লে, সেই বিষয়ে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ঘটনাস্থলীত ফৰেনচিক বিশেষজ্ঞৰ দল উপস্থিত হৈ বিভিন্ন নমুনা সংগ্ৰহ কৰি তদন্তত সহায় কৰিছে। আৰক্ষীয়ে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে।

জানিব পৰা মতে, মৃত দম্পতীহাল তিনিগৰাকী কন্যা আৰু এগৰাকী পুত্ৰৰ পিতৃ-মাতৃ আছিল। তেওঁলোকৰ কন্যাক ইতিমধ্যে বিবাহো দিয়া হৈছিল বুলি স্থানীয় সূত্ৰে জানিব পৰা গৈছে। ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ বালিঘাট অঞ্চলতে শোক আৰু চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীৰ তদন্তৰ পিছতহে ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ সম্পৰ্কে অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

Leave A Reply

Your email address will not be published.

Translate »