Your Mic Your Voice

অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা ঘোষণা: কোনে পালে অসম বৈভৱ ২০২৫?

0

শুক্ৰবাৰে ৰাজ্যিক কেবিনেটৰ বৈঠকৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলৰ জৰিয়তে কেইবাটাও ডাঙৰ ঘোষণা কৰে।

মুখ্যমন্ত্ৰীয়ে জনায় যে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ৰাজ্য চৰকাৰে এক বিশেষ আয়োজন কৰিব। ইয়াৰ লগতে চলিত বৰ্ষৰ অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা – অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বিজয়ীৰ নামো আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয়।

ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী আৰু ৰাষ্ট্ৰীয় বঁটা

জানিব পৰা মতে, অহা ২৯ নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত সুধাকণ্ঠৰ শতবাৰ্ষিকী সমাৰোহ অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত প্ৰখ্যাত গায়িকা ঊষা মংগেশকাৰক প্ৰথমবাৰৰ বাবে ‘ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা’ প্ৰদান কৰা হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিজে উপস্থিত থাকি এই বঁটা প্ৰদান কৰিব। এই বঁটা প্ৰতি ৩ বছৰত এবাৰকৈ দিয়া হ’ব আৰু ইয়াত থাকিব ১০ লাখ টকাৰ নগদ ধন আৰু এখন মানপত্ৰ।

প্ৰায় ২ ঘণ্টীয়া এই অনুষ্ঠানত অসমৰ প্ৰায় ১০০০ শিল্পীয়ে সুধাকণ্ঠৰ দুটা কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ আৰু ‘We Are in the Same Boat Brother’ সমবেত কণ্ঠত পৰিৱেশন কৰিব। লগতে শ্ৰেয়া ঘোষাল আৰু শংকৰ মহাদেৱনৰ দৰে বিশিষ্ট শিল্পীসকলেও অনুষ্ঠানত অংশ ল’ব।

unimex

২০২৫ বৰ্ষৰ অসম বৈভৱ, সৌৰভ, গৌৰৱ বিজয়ী কোন কোন?

২০২৫ বৰ্ষৰ বাবে অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ আগবঢ়োৱা হৈছে শংকৰদেৱ নেত্ৰালয়ৰ প্ৰতিষ্ঠাপক ডাঃ হৰ্ষ ভট্টাচাৰ্যলৈ।

অসম সৌৰভ বঁটা লাভ কৰিছে ৪ গৰাকী বিশিষ্ট ব্যক্তিয়ে:

  • ডাঃ কুশল কোঁৱৰ শৰ্মা – পশু চিকিৎসা আৰু হস্তী সংৰক্ষণ
  • নুৰুদ্দিন আহমেদ – কলা আৰু সংস্কৃতি
  • পুলক বেনাৰ্জী – সংগীত আৰু সাংস্কৃতিক ক্ষেত্ৰ
  • পূৰ্ণিমা দেৱী বৰ্মন – প্ৰকৃতি সংৰক্ষণ তথা হাৰগিলা ৰক্ষা

আনহাতে অসম গৌৰৱ বঁটা আগবঢ়োৱা হৈছে ১০ গৰাকী বিশিষ্ট ব্যক্তিলৈ। তেওঁলোক হৈছে – দেৱীপ্ৰসাদ বাগৰোদিয়া, হলীচৰণ নাৰ্জাৰী, চিমু দাস, হৰকান্ত বসুমতাৰী, ধনজিৎ তালুকদাৰ, নিবেদিতা ইন, মায়ংক চক্ৰৱৰ্তী, জিতেন চাৰাংফাংচা, তনুমায়া সোণাৰ বিশ্বকৰ্মা আৰু দীকপাল লাহন।

এই ঘোষণাৰ জৰিয়তে ৰাজ্য চৰকাৰে সুধাকণ্ঠৰ সৃষ্টিৰাজীক বিশ্ব দৰবাৰত সন্মান জনোৱাৰ লগতে অসমৰ বাবে অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলকো যথোচিত স্বীকৃতি প্ৰদান কৰিছে।

Leave A Reply

Your email address will not be published.

Translate »