হাজোত নকল সোণৰ নাও বিক্ৰী কৰি প্ৰবঞ্চনা, লখিমপুৰৰ পৰা মূল অভিযুক্ত আটক
হাজো: হাজোত নকল সোণৰ নাও বিক্ৰী কৰি প্ৰবঞ্চনা কৰা এটা চক্ৰৰ বিৰুদ্ধে অভিযান চলাই লখিমপুৰ জিলাৰ পৰা মূল অভিযুক্তক আটক কৰিবলৈ সক্ষম হৈছে হাজো আৰক্ষী।
আটকাধীন অভিযুক্তজনক আতাবুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে। হাজো আৰক্ষীয়ে লখিমপুৰ জিলাৰ বঙালমাৰাত অভিযান চলাই তেওঁৰ নিজ বাসগৃহৰ পৰা আটক কৰে।
উল্লেখ্য যে, বিগত কামাখ্যাৰ অম্বুবাচী মেলাৰ সময়ত চাৰিজনীয়া এটা প্ৰবঞ্চকৰ দলে গুজৰাটৰ ব্যৱসায়ী জয়দেৱ তিৱাৰীক লক্ষ্য কৰি নকল সোণৰ নাও বিক্ৰী কৰিছিল।

আৰক্ষীৰ তথ্য অনুসৰি, হাজোৰ আগিয়াঠুৰিৰ গণেশ মন্দিৰৰ সমীপত কৌশলেৰে প্ৰায় ৬০০ গ্ৰাম ওজনৰ নকল সোণৰ নাও প্ৰকৃত সোণৰ বুলি পতিয়ন নিয়াই ব্যৱসায়ীগৰাকীৰ ওচৰত ৪ লাখ ৫০ হাজাৰ টকাত বিক্ৰী কৰিছিল প্ৰবঞ্চকৰ দলটোৱে।
পিছত সোণখিনি নকল বুলি জানিব পাৰি জয়দেৱ তিৱাৰীয়ে হাজো থানাত এখন এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত হাজো আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।
তদন্তৰ সময়তে হাজো আৰক্ষীৰ এটা দলে লখিমপুৰ জিলাৰ বঙালমাৰা আৰক্ষীৰ সহযোগত অভিযান চলাই বঙালমাৰাস্থিত নিজ বাসগৃহৰ পৰা গোচৰটোৰ মূল অভিযুক্ত আতাবুৰ ৰহমানক আটক কৰে।
বৰ্তমান ধৃত আতাবুৰ ৰহমানক হাজো আৰক্ষীয়ে অধিক সোধা-পোছা অব্যাহত ৰাখিছে। লগতে প্ৰবঞ্চকৰ দলটোৰ পলাতক বাকী সদস্যসকলক আটক কৰাৰ বাবে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে।