গুৱাহাটী ৰয়েলছ–বৰপেটা ব্ৰেভছৰ মাজত অসম প্ৰিমিয়াৰ লীগৰ ফাইনেল
উদ্বোধনী বৰ্ষৰ ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ খিতাপৰ যুঁজত মুখামুখি হ’ব গুৱাহাটী ৰয়েলছ আৰু বৰপেটা ব্ৰেভছ। দেওবাৰে অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখনৰ বহু প্ৰত্যাশিত ফাইনেল।
শুকুৰবাৰে বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেলত গুৱাহাটী ৰয়েলছে ৭ উইকেটত পৰাস্ত কৰে বৰাক লিজেণ্ডছক। বৰষুণৰ বাবে মেচখন পলমকৈ আৰম্ভ হোৱাৰ লগতে ২০ অভাৰৰ পৰিৱৰ্তে ১১ অভাৰলৈ হ্ৰাস কৰা হয়।

প্ৰথমে বেটিং কৰি বৰাক লিজেণ্ডছে ৯৬ ৰাণতে ৯টা উইকেট হেৰুৱায়। গুৱাহাটী ৰয়েলছৰ পেচাৰ বাস্তৱ ৰয়ে বিধ্বংসী বলিঙেৰে প্ৰথম অভাৰতে দুটা উইকেট দখল কৰে। তেওঁ মুঠ তিনিটা উইকেট লাভ কৰে। দীপক গোঁহাই আৰু নিপেন ডেকাই দুটাকৈ উইকেট দখল কৰে।
৯৭ ৰাণৰ লক্ষ্য অনুসৰণ কৰি গুৱাহাটী ৰয়েলছে মাত্ৰ ৯.১ অভাৰতে ৩টা উইকেট হেৰুৱাই জয় নিশ্চিত কৰে। দলটোৰ অপেনাৰ ৰোহিত সেনে বিস্ফোৰক বেটিঙেৰে ২৬টা বলত ৬২ ৰাণ সংগ্ৰহ কৰে। তেওঁৰ ইনিংছত আছিল ৩টা ছিক্সাৰ আৰু ৮টা বাউণ্ডেৰী।
এই অৰ্ধশতকীয় ইনিংছৰ জৰিয়তে ৰোহিত সেনে প্ৰতিযোগিতাখনত মুঠ ৪৫৩ ৰাণ সংগ্ৰহ কৰি কমলা টুপীও নিজৰ দখলত ৰাখিছে। এতিয়া দেওবাৰৰ ফাইনেলত বৰপেটা ব্ৰেভছৰ বিৰুদ্ধে খিতাপ দখলৰ লক্ষ্যৰে খেলপথাৰত নামিব গুৱাহাটী ৰয়েলছ।