অবসৰৰ ১ বছৰ আগৰে পৰাই আৰম্ভ হ’ব পেঞ্চনৰ কাম: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ। এতিয়াৰে পৰা অবসৰৰ এবছৰ আগৰে পৰাই আৰম্ভ হ’ব পেঞ্চনৰ কাম। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে।
নতুন ব্যৱস্থা অনুসৰি, কৰ্মচাৰীয়ে নিজে আবেদন কৰিব নালাগে। FinAssam পৰ্টেলৰ জৰিয়তে স্বয়ংক্ৰিয়ভাৱে সমগ্ৰ প্ৰক্ৰিয়া সম্পন্ন হ’ব। অৱসৰৰ ১২ মাহ আগতেই প্ৰফাইল অটোমেটিক তৈয়াৰ হ’ব আৰু কৰ্মচাৰীৰ মোবাইললৈ মেছেজ যাব।

মুখ্যমন্ত্ৰীৰ তথ্য অনুসৰি, ইতিমধ্যে ১১,০৪৭ গৰাকী কৰ্মচাৰীক এই প’ৰ্টেলত অন্তৰ্ভুক্ত কৰা হৈছে আৰু ৩,৯৭০ গৰাকী কৰ্মচাৰীয়ে অৱসৰৰ আগতেই PPO লাভ কৰিছে।
উপযুক্ত সময়ত পেঞ্চনৰ ধন লাভ কৰিব আৰু কোনো ধৰণৰ কাগজ গুৱাহাটীলৈ কঢ়িয়াই নিব নালাগে। জিলা পৰ্যায়তে নথি পৰীক্ষা হ’ব।