Your Mic Your Voice

পোলেণ্ডৰ ক্ৰাকোত ভয়ংকৰ গুলিচালনা, ৫ জনৰ মৃত্যু, ১২ জন আহত

0

পোলেণ্ডৰ দ্বিতীয় বৃহত্তম চহৰ ক্ৰাকোৰ ঐতিহাসিক মেইন মাৰ্কেট স্কোৱেৰত শনিবাৰে বিয়লি এজন বন্দুকধাৰীয়ে নির্বিচাৰে গুলিচালনা কৰে। এই ভয়ংকৰ ঘটনাত ৫ জন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ১২ জন লোক আহত হৈছে।

আৰক্ষীৰ মতে, অভিযুক্তজন এজন পোলেণ্ডৰ নাগৰিক। তেওঁ সামৰিক সাজ পিন্ধি এখন গাড়ী লৈ মেইন স্কোৱেৰত প্ৰৱেশ কৰে আৰু চলন্ত গাড়ীৰ পৰাই পথচাৰীসকলক লক্ষ্য কৰি গুলী চলাবলৈ ধৰে।

ঘটনাৰ সময়ত এজন ট্ৰাম চালকেও তেওঁৰ ট্ৰামত গুলী চলোৱা বুলি জানিবলৈ দিয়ে। ঘটনাৰ পিছতে অঞ্চলটোত হাহাকাৰ লাগে।

unimex

আহতসকলৰ ভিতৰত কেইবাজনো আৰক্ষীৰ জোৱানো আছে। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

পিছত আৰক্ষীৰ সৈতে হোৱা গুলীয়াগুলিত অভিযুক্ত বন্দুকধাৰীজনো গুলীবিদ্ধ হয়। তেওঁক আটক কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। তেওঁৰ গাড়ীৰ পৰা বহু অস্ত্ৰ আৰু গুলী উদ্ধাৰ কৰা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তজনে অকলে এই কাণ্ড সংঘটিত কৰিছিল। বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে।

পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ড’নাল্ড টাস্কে এই ঘটনাক ‘দুখজনক গুলিচালনা’ বুলি অভিহিত কৰি সম্পূৰ্ণ তদন্তৰ নিৰ্দেশ দিছে। পোলেণ্ডত এনে গণ গুলিচালনাৰ ঘটনা খুবেই বিৰল বুলি কোৱা হৈছে।

Leave A Reply

Your email address will not be published.

Translate »