২৮ জুনৰ পৰা ককৰোচ জনতা পাৰ্টীয়ে যন্তৰ-মন্তৰত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ নামত চলাই থকা ধাৰাবাহিক আন্দোলনৰ পাচত অৱশেষত আজি ধৰ্মেন্দ্ৰ প্ৰধানে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ এৰিলে । শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগ ছাত্ৰ আন্দোলনটোৰ অন্যতম দাবী আছিল । কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীৰ পদত্যাগ কৰাৰ লগে লগে বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
মুখ্যমন্ত্ৰী শৰ্মাই এটা পোষ্টৰ জৰিয়তে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে মন্ত্ৰীত্বকালত অসমলৈ আগবঢ়োৱা অৱদানৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে । X ৰ এটা পোষ্টত মুখ্যমন্ত্ৰীয়ে লিখিছে, “ব্যক্তিগতভাৱে ক’বলৈ গ’লে তেওঁৰ অসমৰ প্ৰতি থকা অকৃত্ৰিম স্নেহে মোক সদায় আকৰ্ষিত কৰি আহিছে । যেতিয়াই অসমক তেওঁৰ সহায়ৰ প্ৰয়োজন হৈছিল তেতিয়াই তেওঁ আমাৰ লগত থিয় দিছিল । তেওঁৰ উৎসাহ, পথ প্ৰদৰ্শন আৰু সদিচ্ছাই মোৰ বাবে সদায়ে বহুত গুৰুত্বপূৰ্ণ ।”
মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে বহু ৰাজনৈতিক প্ৰত্যাহ্বানৰ মাজতো ৰাষ্ট্ৰীয় শিক্ষা নীতি সফলভাৱে ৰূপায়ণ কৰাৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ দৃঢ়তা আৰু নিষ্ঠা সদায় স্মৰণীয় হৈ থাকিব । তেওঁৰ এই অৱদানক ৰাষ্ট্ৰ নিৰ্মাণৰ অন্যতম উল্লেখযোগ্য পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে ।
শেহতীয়াকৈ গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ (IIM) উদ্বোধনৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
ধৰ্মেন্দ্ৰ প্ৰধানৰ সুস্বাস্থ্য আৰু দীঘলীয়া কৰ্মজীৱনৰ শুভেচ্ছাৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “ভৱিষ্যতেও তেওঁ যিকোনো দায়িত্বত একে নিষ্ঠা আৰু সততাৰে দেশ মাতৃৰ সেৱাত নিয়োজিত হৈ থাকিব ।

