Your Mic Your Voice

ডেনিয়েল টপ্ন’ হত্যাকাণ্ডঃ ৰিপুন বৰাক দোষমুক্ত উচ্চ ন্যায়ালয়ৰ

0

গুৱাহাটী: চাহ জনগোষ্ঠীৰ নেতা ডেনিয়েল টপ্ন’ হত্যাকাণ্ডৰ গোচৰত কংগ্ৰেছ নেতা ৰিপুন বৰাক লৈ CBIয়ে দাখিল কৰা আবেদনৰ ৰায় দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। আদালতৰ শেহতীয়া সিদ্ধান্তৰ পাছতে গোচৰটোৰ পৰা সকাহ লাভ কৰা ৰিপুন বৰাই আদালতৰ সিদ্ধান্তক আদৰণি জনাই কয় যে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ৰাজনৈতিক ষড়যন্ত্ৰৰ ফল আছিল বুলি তেওঁ আৰম্ভণিৰে পৰা কৈ আহিছিল।
ডেনিয়েল টপ্নক ২০০০ চনৰ ২৭ ছেপ্টেম্বৰত শোণিতপুৰ জিলাৰ গহপুৰত হত্যা কৰা হৈছিল। ঘটনাটোৰ তদন্ত পৰৱৰ্তী সময়ত CBIৰ হাতলৈ যায় আৰু তদন্তকাৰী সংস্থাটোৱে হত্যাকাণ্ডটোৰ সৈতে ৰিপুন বৰাৰ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰিছিল।
২০১৪ চনত কামৰূপ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে ৰিপুন বৰাক গোচৰটোৰ পৰা অব্যাহতি দিছিল। অভিযোগৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে অভিযোগ গঠনৰ বাবে পৰ্যাপ্ত তথ্য-প্ৰমাণ নাই বুলি আদালতে মত প্ৰকাশ কৰিছিল। ইয়াৰ পাছতে CBIয়ে উক্ত সিদ্ধান্তক গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল।

unimex

ডেনিয়েল টপনোৱে ১৯৯৬ চনৰ বিধানসভা নিৰ্বাচনত গহপুৰ সমষ্টিৰ পৰা ৰিপুন বৰাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল। ২০০০ চনত টপনোৰ হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছত ৰাজ্য আৰক্ষীৰ তদন্তে বিশেষ অগ্ৰগতি লাভ নকৰাত ২০০১ চনত গোচৰটোৰ তদন্ত CBIৰ হাতলৈ যায়।

Leave A Reply

Your email address will not be published.

Translate »