ফ্ৰান্সত ফ্ৰিজ হেক কৰি খাদ্য নষ্ট আৰু অগ্নিকাণ্ড: শ শ ছুপাৰমাৰ্কেটত বৃহৎ চাইবাৰ আক্ৰমণ
ফ্ৰান্সৰ শ শ ছুপাৰমাৰ্কেটত দেওবাৰৰ পৰা সোমবাৰৰ মাজনিশা এক ভয়ংকৰ আৰু অভূতপূৰ্ব চাইবাৰ আক্ৰমণ হৈছিল। হেকাৰসকলে দোকানবোৰৰ ইন্টাৰনেটত সংযুক্ত হৈ থকা ফ্ৰিজ আৰু ফ্ৰিজাৰৰ কণ্ট্ৰল চিষ্টেম হেক কৰি লৈছিল। তেওঁলোকে প্ৰায় ৬ ঘণ্টাৰ বাবে তাপমাত্ৰা ৫০ ডিগ্ৰী চেলচিয়াছলৈকে বঢ়াই দিছিল। ফলত ভিতৰত থকা সকলো গাখীৰ, মাছ-মাংস, আইচক্ৰীম, ফ্ৰ’জেন খাদ্য সম্পূৰ্ণ গলি নষ্ট হৈ গ’ল আৰু অতিমাত্ৰা গৰম হোৱাৰ বাবে কিছুমান ঠাইত মটৰত জুইও লাগিল।
পুৱা দোকান খোলাৰ পিছত কৰ্মচাৰীয়ে বেয়া হোৱা খাদ্য ঠেলাগাড়ী ভৰাই ডাঙৰ জাবৰৰ পাত্ৰত পেলাব লগা হৈছিল। পেৰিছৰ এখন Intermarché দোকানত ৰাস্তাত আইচক্ৰীম গলি বৈ থকা দৃশ্যও দেখা গৈছিল। সুৰক্ষাৰ বাবে সকলো বেয়া হোৱা খাদ্য পেলাই দিয়া হৈছে বুলি কোম্পানীবোৰে জনাইছে।

এই আক্ৰমণত Intermarché আৰু Netto ৰ প্ৰায় ৩০০ খন দোকান, Cooperative U ৰ ১০০ খনতকৈ বেছি, Carrefour ৰ ৮০ খন, Monoprix ৰ মুঠ ৪৯০ খনৰ ভিতৰত প্ৰায় ৫% আৰু http://E.Leclerc ৰ বহু কেইখন দোকান ক্ষতিগ্ৰস্ত হৈছে।
পেৰিছৰ অভিযোজক কাৰ্যালয়ে ইয়াক এক “বৃহৎ পৰিসৰৰ আক্ৰমণ” বুলি কৈছে। প্ৰধানমন্ত্ৰী চেবাষ্টিয়ান লেকৰ্নুৱে দেশৰ ৰাষ্ট্ৰীয় চাইবাৰ সুৰক্ষা সংস্থা ANSSI ক তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। ফ্ৰান্সে এতিয়া ইউৰোপৰ আন দেশৰ সৈতে যোগাযোগ কৰিছে, কাৰণ Sekoia কোম্পানীৰ বিশ্লেষকৰ মতে স্পেইন, পৰ্তুগাল, পোলেণ্ড, জাৰ্মানী আৰু বেলজিয়ামতো একে ধৰণৰ আক্ৰমণ হৈছে।