দক্ষিণ মেৰুত বৰফৰ মাজত মহাকাশ চোৱা বিজ্ঞানীগৰাকীলৈ পদাৰ্থ বিজ্ঞানৰ ন’বেল
২০২৬ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰিছে বেলজিয়াম-আমেৰিকান বিজ্ঞানী ফ্ৰান্সিছ হালজেনে। উচ্চ শক্তিসম্পন্ন মহাজাগতিক নিউট্ৰিনো আৱিষ্কাৰ আৰু দক্ষিণ মেৰুত অৱস্থিত IceCube নিউট্ৰিনো অবজাৰভেটৰী নিৰ্মাণত আগবঢ়োৱা যুগান্তকাৰী অৱদানৰ বাবে তেওঁক এই সন্মান প্ৰদান কৰা হৈছে।
৮২ বছৰীয়া হালজেন আমেৰিকাৰ ৱিছকনছিন-মেডিছন বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক। তেওঁৰ নেতৃত্বত এন্টাৰ্কটিকাৰ বৰফৰ ১ কিলোমিটাৰ গভীৰতাত স্থাপন কৰা হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ নিউট্ৰিনো ডিটেক্টৰ IceCube।

নিউট্ৰিনোক ‘ভুতুৰে কণা’ বুলিও কোৱা হয়, কাৰণ এই কণা কোনো বাধা নোহোৱাকৈ গোটেই বিশ্বব্ৰহ্মাণ্ড পাৰ হৈ যায়। প্ৰতি ছেকেণ্ডত কোটি কোটি নিউট্ৰিনো আমাৰ শৰীৰৰ মাজেৰে পাৰ হৈ যায়। হালজেনে আৱিষ্কাৰ কৰা উচ্চ শক্তিৰ নিউট্ৰিনোবোৰ সূৰ্যৰ পৰা নহয়, বহু দূৰৰ মহাকাশৰ পৰা আহে, যাৰ জৰিয়তে মহাকাশৰ ৰহস্য জানিব পৰা যায়।
ৰয়েল ছুইডিছ একাডেমীয়ে মঙলবাৰে ষ্টকহ’মত এই বঁটা ঘোষণা কৰে। এই বৰ্ষৰ বঁটাৰ মূল্য ১২ মিলিয়ন ছুইডিছ ক্ৰোনা।
ইটালীত থকা অৱস্থাত ফোনযোগে এই খবৰ লাভ কৰি হালজেনে কয়, “এয়া এক ডাঙৰ চাৰপ্ৰাইজ, মই আশাই কৰা নাছিলো।”