ক্ষেত্ৰীত ভয়ংকৰ দুৰ্ঘটনা: বেৰিয়াৰত প্ৰচণ্ড খুন্দা, একে পৰিয়ালৰ ৩ জনৰ কৰুণ মৃত্যু, আহত ৩
মঙলবাৰে গুৱাহাটী-জাগীৰোড ঘাইপথৰ ক্ষেত্ৰীত সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে ৩ জন লোক থিতাতে নিহত হয় আৰু আন ৩ জন গুৰুতৰভাৱে আহত হয়। দ্ৰুতবেগী গাড়ীখনে পথৰ কাষৰ ক্ৰেছ বেৰিয়াৰত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।
নিহতসকল নগাঁও জিলাৰ ননৈৰ বাসিন্দা ৰিবুল আলী (১৮), মনিমাই বেগম (৪০) আৰু আমিৰ উদ্দিন (৪০) বুলি চিনাক্ত কৰা হৈছে।
আৰক্ষীৰ প্ৰাথমিক তদন্ত আৰু প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি দুৰ্ঘটনাৰ সময়ত গাড়ীখন অতি দ্ৰুতবেগত আছিল। গাড়ীখনৰ পিছে পিছে অহা এজন বাইক আৰোহীয়ে জনোৱা মতে বেৰিয়াৰত খুন্দা মৰাৰ ঠিক আগতে গাড়ীখনে তেওঁৰ বাইকখন অভাৰটেক কৰিছিল।

“গাড়ীখন বহুত বেগত আছিল। বাইক এখনক অভাৰটেক কৰাৰ পিছতে বেৰিয়াৰত খুন্দা মাৰে। ৩ জন লোক থিতাতে নিহত হয়,” এজন ট্ৰেফিক আৰক্ষী বিষয়াই জনায়।
জানিব পৰা মতে, পৰিয়ালটো গুৱাহাটীৰ পৰা জাগীৰোডলৈ উভতি আহি আছিল। গাড়ীখন চলাই আছিল ৰুস্তম আলী (৫০) এ। তেওঁ নিজৰ পুত্ৰক কৰ্মসূত্ৰে কুৱেইটলৈ যোৱাৰ বাবে বিমানবন্দৰত থবলৈ গৈছিল।
দুৰ্ঘটনাত ৰুস্তমৰ পত্নী মনিমাই, পুত্ৰ ৰিবুল আৰু খুলশালীয়েক আমিৰৰ থিতাতে মৃত্যু হয়। আহত হয় ৰুস্তম নিজে, পুতুমাই বেগম (৫৫) আৰু আনিছু ছুলতানা (১০)। আহতসকলক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
দুৰ্ঘটনাৰ তীব্ৰতা ইমান বেছি আছিল যে AS 01 DX 5663 নম্বৰৰ হেচবেক গাড়ীখনৰ ভিতৰত লোৰ বেৰিয়াৰডাল সোমাই যায়। উদ্ধাৰকাৰী দলে ক্ৰেনৰ সহায়ত বেৰিয়াৰসহ গাড়ীখন দাঙি যাত্ৰীসকলক উলিয়াবলগীয়া হয়।