Your Mic Your Voice

জুবিন গাৰ্গ সন্দৰ্ভত অভিমন্যু তালুকদাৰৰ মন্তব্য

0

গুৱাহাটী: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য দিয়া ছিংগাপুৰ নিবাসী অভিমন্যু তালুকদাৰে সংবাদ মাধ্যমৰ আগত য়টত সংঘটিত ঘটনাৰ কেইবাটাও দিশ প্ৰকাশ কৰে।

অভিমন্যুৰ দাবী, ১৯ ছেপ্টেম্বৰত তন্ময় ফুকনৰ আমন্ত্ৰণত তেওঁ য়টত গৈছিল। জুবিনে প্ৰথমবাৰ লাইফ জেকেট পিন্ধি পানীত জাঁপ মৰাৰ বিপৰীতে দ্বিতীয়বাৰ লাইফ জেকেট নিপিন্ধাকৈ জাঁপ মাৰিছিল।

ইয়াৰ পাছতে তেওঁ হাত ধুবলৈ কেবিনলৈ যোৱাৰ বাবে পানীত জুবিনৰ সৈতে সঠিকভাৱে কি ঘটিছিল সেয়া প্ৰত্যক্ষ কৰা নাছিল বুলি স্পষ্ট কৰে।

উদ্ধাৰৰ বাবে লগে লগে কোষ্টগাৰ্ডক ফোন কৰা হৈছিল আৰু প্ৰায় ১০-১৫ মিনিটৰ ভিতৰত কোষ্টগাৰ্ডৰ লোক আহি CPR প্ৰদান কৰা বুলি জানিবলৈ দিয়ে অভিমন্যুৱে।

unimex

আনহাতে, জুবিন গাৰ্গৰ অসুস্থতাৰ বিষয়ে তেওঁ পূৰ্বে একো জনা নাছিল বুলি কয়। বিদেশত থকাৰ বাবে জুবিনৰ স্বাস্থ্যৰ বিষয়ে জানিব পৰা সুযোগ নাছিল বুলিও উল্লেখ কৰে।

অভিমন্যুৰ দাবী অনুসৰি, শ্যামকানু মহন্তই দুদিন পূৰ্বে তেওঁক এটা সুৰাৰ বটল যোগান ধৰিবলৈ কৈছিল।

আদালতত কেৱল নিজে প্ৰত্যক্ষ কৰা ঘটনাহে ক’ব পাৰিব বুলি উল্লেখ কৰি অভিমন্যুৱে কয়, ভিডিঅ’ত দেখা বা আনৰ পৰা শুনা কথাক নিজৰ প্ৰত্যক্ষ সাক্ষ্য হিচাপে দিয়া উচিত নহয়।

জুবিনৰ সৈতে সাক্ষাৎৰ কথা উল্লেখ কৰি তেওঁ কয়, শিল্পীগৰাকীক তেওঁ অতি স্বাভাৱিক, ফূৰ্তিত আৰু গভীৰ জ্ঞান থকা ব্যক্তি হিচাপে দেখিছিল। জুবিনৰ অসংখ্য গান আৰু সৃষ্টিশীলতাৰ পৰিসৰৰ বিষয়েও মৃত্যুৰ পাছতহে বহু কথা জানিব পৰা বুলি কয় অভিমন্যু তালুকদাৰে।

Leave A Reply

Your email address will not be published.

Translate »