অপশক্তিৰ বিৰুদ্ধে শক্তিৰ বিজয় – হিমন্ত বিশ্ব শৰ্মা
বিদায়ৰ সুৰৰ মাজতে অসমবাসীলৈ ডাঙৰ বাৰ্তা মুখ্যমন্ত্ৰীৰ।
আজি অশ্ৰুসিক্ত নয়নেৰে মা দুৰ্গাক বিদায় দিছে অসমবাসীয়ে। এই আবেগিক ক্ষণতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দিলে এক শক্তিশালী বাৰ্তা।
তেওঁ ক’লে –
বিজয়া দশমী মানে অপশক্তিৰ বিৰুদ্ধে শক্তিৰ বিজয়। যোৱা কেইমাহত অসমত যি অপশক্তিয়ে মূৰ দাঙি আছিল, মাৰ আগমনতে সকলো ম্লান পৰি গ’ল।

মুখ্যমন্ত্ৰীয়ে আৰু কয়, সদায় অশুভৰ হাৰ হয়, শুভৰে জয় হয়। এই দুৰ্গা পূজাই অসমৰ পৰা সকলো ক’লা ছাঁ আঁতৰাই নতুন পোহৰ কঢ়িয়াই আনিব।
ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ কৰা এই মন্তব্যৰ পিছতে এতিয়া ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা আৰম্ভ হৈছে। তেওঁ কাক উদ্দেশ্যি অপশক্তি বুলিছে, তাক লৈ চলিছে জল্পনা-কল্পনা।