Your Mic Your Voice

বাটুমি অ’পেন ইণ্টাৰনেচনেল ৱুছু চেম্পিয়নশ্বিপ ২০২৬ ত ৰূপৰ পদক লাভ দীক্ষা তিৱাৰীক

0

‘বাটুমি অ’পেন ইণ্টাৰনেচনেল ৱুছু চেম্পিয়নশ্বিপ ২০২৬’ত ভাৰতৰ হৈ ৰূপৰ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে অসমৰ দীক্ষা তিৱাৰীয়ে । জৰ্জিয়াৰ বাটুমিত অনুষ্ঠিত হৈছিল এই ২০২৬ বৰ্ষৰ বাটুমি অ’পেন ইণ্টাৰনেচনেল ৱুছু চেম্পিয়নশ্বিপ । ৩০ জুলাইৰ পৰা ৪ আগষ্ট পৰ্যন্ত হোৱা এই চেম্পিয়নশ্বিপত ভাৰতৰ হৈ ৰূপৰ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াইছে দীক্ষাই ।

unimex

চতিয়াৰ পৰিদৰ্শন বাংলাতো চতিয়াক বিভিন্ন দল-সংগঠনে দীক্ষা তিৱাৰীক সম্বৰ্ধনা জ্ঞাপন কৰে ইয়াৰ পিছতে দীক্ষাক ঢোলে-দগৰে আদৰি নিয়া হয় দীক্ষাৰ চতিয়াৰ কৰৈয়নী স্থিত বাসগৃহলৈ ।

বিশ্বনাথ জিলাৰ চতিয়া নিবাসী খেলুৱৈ দীক্ষা তিৱাৰীক তেওঁৰ এই কৃতিত্বৰ বাবে চাৰিআলিৰ স্থানীয় বিভিন্ন অনুষ্ঠানে উষ্ম অভিনন্দন জনোৱাৰ লগতে সম্বৰ্ধনা জনায় । চতিয়াৰ নিবাসী উমেশ তিৱাৰী আৰু শ্ববিতা ভৰালী তিৱাৰীৰ কন্যা দীক্ষাই এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত নিজৰ দক্ষতাৰে দুটা ৰূপৰ পদক আৰু এটা ব্ৰঞ্জ পদক দখল কৰি সমগ্ৰ অসমৰ নাম জিলিকাই তুলিছে । এই উপলক্ষে দীক্ষাক সম্বৰ্ধনা জনাবলৈ বিজেপিৰ ৰাজ্যিক সম্পাদক শংকৰ চাহু, বিজেপি মহিলা মণ্ডল মৰ্চাৰ সভানেত্ৰী গীতাশ্ৰী বৰঠাকুৰ, সচেতন যুৱক ৰাজু গিৰি, লোকনাথ নেবাৰ, সঞ্জু ধৰ, দেৱৰাজ পাল, ৱুছু আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ নাংমিংবি বৰফুকন, অভয় দাস, ৰাজ্যিক খেলুৱৈ আদিত্য কৃষ্ণ ত্ৰেয়ে আৰু বিজেপি মহিলা মৰ্চাৰ কেইবাগৰাকী সদস্যই অংশগ্ৰহণ কৰে ।

Leave A Reply

Your email address will not be published.

Translate »