Your Mic Your Voice

উচ্ছেদৰ বিৰুদ্ধে দিল্লী কঁপাবলৈ সাজু আমছু!

0

ধুবুৰী জিলাৰ আলমগঞ্জত চলা উচ্ছেদক কেন্দ্ৰ কৰি এইবাৰ ৰাজধানী দিল্লী কঁপাবলৈ ওলাইছে আমছু। অহা ১৪ তাৰিখে হাজাৰ হাজাৰ লোকক লগত লৈ দিল্লীত ডাঙৰ প্ৰতিবাদী কাৰ্যসূচী ল’ব সংগঠনটোৱে।

উচ্ছেদ হোৱা পৰিয়ালবোৰক পুনৰ সংস্থাপন নিদিলে লাখ লাখ মানুহক লৈ অসমত ডাঙৰ গণ আন্দোলন গঢ়াৰ সকীয়নি দিছে আমছুৱে।

unimex

ইফালে গৌৰীপুৰ ৰাজহ চক্ৰৰ আলমগঞ্জৰ উচ্ছেদস্থলীত উপস্থিত হ’ল আমছুৰ এটা প্ৰতিনিধি দল। তাত গৈ ভুক্তভোগী পৰিয়ালবোৰৰ দুখ-কষ্টৰ বুজ লোৱাৰ লগতে মুখ্যমন্ত্ৰীক কঠোৰ ভাষাৰে সমালোচনা কৰে নেতাসকলে।

আমছুৰ প্ৰশ্ন – মিঞা মুছলমানসকল মানুহ নহয় নেকি? তেওঁলোকৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি? উচ্ছেদৰ বাবে কেৱল ঘৰ-দুৱাৰেই নহয়, কণ কণ ল’ৰা-ছোৱালীবোৰে পঢ়া-শুনাৰ পৰাও বঞ্চিত হ’বলগীয়া হৈছে।

Leave A Reply

Your email address will not be published.

Translate »