Your Mic Your Voice

ধুবুৰীৰ হাতীধুৰা মহাবিদ্যালয়ত মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ

0

তামাৰহাট: অসম-বংগ সীমান্তত অৱস্থিত উচ্চ শিক্ষাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান হাতীধুৰা মহাবিদ্যালয়ত উলহ-মালহেৰে নৱাগত আদৰণি সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ নৱাগত আদৰণি সভাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গৌতম চন্দ্ৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতে মহাবিদ্যালয়খনৰ পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীসকলে নতুনকৈ নামভৰ্তি কৰা শিক্ষাৰ্থীসকলক উষ্ম আদৰণি জনায়।

অনুষ্ঠানত মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি এক গুৰুত্বপূৰ্ণ আৰু প্ৰেৰণাদায়ক ভাষণ প্ৰদান কৰে। শিক্ষাৰ্থীসকলক অধ্যয়নৰ প্ৰতি অধিক মনোযোগী হৈ নিজৰ লক্ষ্যত উপনীত হ’বলৈ তেওঁ আহ্বান জনায়।

ইফালে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগত প্ৰথম আৰু সামগ্ৰিকভাৱে পঞ্চম স্থান দখল কৰা হাতীধুৰা মহাবিদ্যালয়ৰ তিনিগৰাকী ছাত্ৰীক অনুষ্ঠানত বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। মেধাৱী ছাত্ৰীকেইগৰাকীৰ কৃতিত্বৰ বাবে মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু উপস্থিত বিশিষ্ট ব্যক্তিসকলে অভিনন্দন জ্ঞাপন কৰে।

unimex

সম্বৰ্ধনা অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে তিনিগৰাকী ছাত্ৰীক ‘SUHRID’ আঁচনিৰ অধীনত অনুদান প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। মেধাৱী শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ ক্ষেত্ৰত এনে পদক্ষেপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।

নৱাগত আদৰণি সভাত কেবিনেট মন্ত্ৰীৰ উপৰি কে.এ.চি.ৰ ই.এম., বিটিচিৰ প্ৰাক্তন ই.এম., শিক্ষাবিদ আৰু বিভিন্ন ক্ষেত্ৰৰ গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

অনুষ্ঠানৰ শেষত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু আমন্ত্ৰিত শিল্পীসকলৰ অংশগ্ৰহণত এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। গীত, নৃত্যকে ধৰি বিভিন্ন সাংস্কৃতিক পৰিৱেশনে অনুষ্ঠানটোক অধিক আকৰ্ষণীয় কৰি তোলে।

ইয়াৰ উপৰি, হাতীধুৰা মহাবিদ্যালয়ত চাইকেল ষ্টেণ্ড নিৰ্মাণৰ বাবে কে.এ.চি.ৰ ই.এম. প্ৰদীপ ৰায়ে নিজৰ ই.এম. পুঁজিৰ পৰা পাঁচ লাখ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰে। এই ঘোষণাক মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকলে আদৰণি জনায়।

নৱাগত আদৰণি সভাখনে নতুন শিক্ষাৰ্থীসকলক মহাবিদ্যালয়খনৰ শৈক্ষিক আৰু সাংস্কৃতিক পৰিৱেশৰ সৈতে পৰিচিত কৰোৱাৰ লগতে মেধাৱী শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ এক উল্লেখযোগ্য মঞ্চ হিচাপে পৰিগণিত হয়।

Leave A Reply

Your email address will not be published.

Translate »