তেজপুৰৰ দোলাবাৰীত ভগ্নীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যাৰ অভিযোগ
তেজপুৰ: তেজপুৰৰ দোলাবাৰীত আজি পুৱা সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। দোলাবাৰীৰ Knowledge Path Academyৰ সমীপত সংঘটিত হয় এই ঘটনা।
অভিযোগ অনুসৰি, দোলাবাৰীৰ চুলতান আলিৰ পুত্ৰ মমিন আলিয়ে চোকা অস্ত্ৰৰে নিজ ভগ্নী চুহানা খাতুনক আক্ৰমণ কৰে। আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা চুহানা খাতুনৰ মৃত্যু হয়।
ভগ্নীক আক্ৰমণ কৰাৰ পিছতে মমিন আলিয়ে নিজেও নিজৰ শৰীৰত আঘাত কৰি আত্মহত্যাৰ চেষ্টা চলোৱা বুলি অভিযোগ উঠিছে। এই ঘটনাত যুৱকজন গুৰুতৰভাৱে আহত হয়।

ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে চুহানা খাতুনৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহত মমিন আলিক নিজৰ জিম্মাত লয়।
স্থানীয় লোকৰ ভাষ্য অনুসৰি, মমিন আলি মানসিকভাৱে অসুস্থ আছিল বুলি জানিব পৰা গৈছে। অৱশ্যে তেওঁৰ মানসিক স্বাস্থ্যৰ বিষয়ে আৰক্ষীৰ পৰা আনুষ্ঠানিকভাৱে কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই।
ইফালে, ঘটনাটোক কেন্দ্ৰ কৰি দোলাবাৰী অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। হত্যাকাণ্ডৰ আঁৰৰ প্ৰকৃত কাৰণ কি, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।