Your Mic Your Voice

বঙাইগাঁৱত চাঞ্চল্য! হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ অৰ্ধগলিত মৃতদেহ, সপ্তমীৰ পৰাই আছিল নিৰুদ্দেশ

0

বঙাইগাঁৱত বুধবাৰে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বঙাইগাঁৱৰ হোটেল জাহ্নৱী ৰিজেঞ্চীৰ ১০২ নম্বৰ কোঠাত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষত কৰ্মৰত DSP খৰ্গেশ্বৰ ৰাভাৰ (৫৬) মৃতদেহ উদ্ধাৰ হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, যোৱা ১৮ অক্টোবৰ অৰ্থাৎ দুৰ্গা পূজাৰ সপ্তমীৰ দিনা তেওঁ হোটেলখনত কোঠা বুক কৰিছিল। তেওঁ ছুটীত আছিল বুলি জানিব পৰা গৈছে। কেইবাদিনো কোঠাৰ পৰা ওলাই নোহোৱাত বৃহস্পতিবাৰে পুৱা ২২ অক্টোবৰত কোঠাৰ পৰা দুৰ্গন্ধ ওলোৱাত হোটেল কৰ্মচাৰীয়ে আৰক্ষীক খবৰ দিয়ে।

unimex

আৰক্ষীয়ে দুৱাৰ ভাঙি ভিতৰত বিচনাত পৰি থকা অৱস্থাত তেওঁৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰে।

বঙাইগাঁৱৰ SSP নুমল মহত্তাই জনাইছে যে প্ৰাথমিকভাৱে কোনো হত্যাকাণ্ডৰ সন্দেহ কৰা হোৱা নাই। পৰিয়ালৰ মতে তেওঁ দীৰ্ঘদিন ধৰি যকৃতৰ ৰোগত ভুগি আছিল। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে।

মৃত্যুৰ প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু তদন্তৰ পিছতহে স্পষ্ট হ’ব। আৰক্ষীয়ে তেওঁৰ মোবাইলৰ কল ৰেকৰ্ড পৰীক্ষা কৰি আছে।

Leave A Reply

Your email address will not be published.

Translate »