Your Mic Your Voice

সোপাঢিলা চাৰ্জশ্বীটৰ বাবেই একাংশ অভিযুক্তই লাভ কৰিছে জামিন, অভিযোগ গৌৰৱ গগৈৰ

0

পুৱাই জুবিনক্ষেত্ৰত উপস্থিত হয় APCC ৰ সভাপতি গৌৰৱ গগৈ। জুবিনক্ষেত্ৰত উপস্থিত হৈ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নেতাগৰাকীয়ে।

unimex

শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পাছতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীক ক্ষুৰধাৰ সমালোচনা কৰে গৌৰৱ গগৈয়ে। তেওঁ কয়, “জুবিনক্ষেত্ৰলৈ আহিয়েই অনেক কথা মনলৈ আহিছে। জুবিন দা হেৰাই যোৱাৰ এবছৰ পাছতো জুবিনক্ষেত্ৰৰ কাম আধৰুৱা হৈ আছে। যি চৰকাৰে কম সময়ত ফ্লাইঅভাৰ বনাব পাৰে, সেই চৰকাৰক জুবিনক্ষেত্ৰ বনাবলৈ কিয় ইমান সময় লাগিছে?”

ইফালে জুবিনৰ ন্যায়ৰ প্ৰসংগত গৌৰৱ গগৈয়ে কয়, সোপাঢিলা চাৰ্জশ্বীটৰ বাবেই একাংশ অভিযুক্তই জামিন লাভ কৰিছে। সমগ্ৰ বিষয়টো প্ৰদেশ কংগ্ৰেছে সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে বুলিও তেওঁ মন্তব্য কৰে।

Leave A Reply

Your email address will not be published.

Translate »