Your Mic Your Voice

মণ্ডপসমূহত মহানৱমীৰ পূজা-অৰ্চনা, দেৱী বন্দনাৰে মুখৰিত ৰাজ্যৰ আকাশ-বতাহ

0

অসুৰ শক্তিৰ বিনাশ আৰু শুভ শক্তিৰ বিজয়ৰ প্ৰতীক মহানৱমীৰ দিনা ৰাজ্যৰ সকলো মণ্ডপতে ভক্তই মা দুৰ্গাৰ আশিস বিচাৰিছে।

unimex

শাৰদীয় দুৰ্গোৎসৱৰ এই বিশেষ দিনটোত পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পূজা মণ্ডপত ভক্তৰ ভিৰ বৃদ্ধি পাইছে। পুৱাই দেৱী দৰ্শনৰ বাবে অসংখ্য ভক্ত মণ্ডপত উপস্থিত হৈছে। পৰম্পৰাগত ৰীতিৰে নৱমী পূজা সম্পন্ন কৰাৰ লগতে বহু মণ্ডপত পুষ্পাঞ্জলি, বিশেষ পূজা আৰু আৰতিৰ আয়োজন কৰা হৈছে।

বিশ্বাস মতে, মহানৱমীৰ দিনা দেৱী দুৰ্গাৰ আৰাধনা কৰিলে ভক্তই দেৱীৰ আশিস লাভ কৰে। নৱদুৰ্গাৰ নৱম ৰূপ দেৱী সিদ্ধিদাত্ৰীৰ আৰাধনাৰো বিশেষ তাৎপৰ্য আছে। ধৰ্মীয় বিশ্বাস অনুসৰি, দেৱীৰ এই ৰূপে ভক্তক সিদ্ধি, শক্তি আৰু মংগল প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.

Translate »