Your Mic Your Voice

টীম ইণ্ডিয়াৰ অধিনায়ক পদৰ পৰা পদত্যাগ হৰমনপ্ৰীত কৌৰৰ, ১০ বছৰীয়া যাত্ৰাৰ সামৰণি

0

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ বাবে এটা যুগৰ অন্ত পৰিল। বিশ্বকাপজয়ী অধিনায়ক হৰমনপ্ৰীত কৌৰে আজি সকলো ফৰ্মেটৰ অধিনায়ক পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে।

৩৭ বছৰীয়া হৰমনপ্ৰীতে আজি ইনষ্টাগ্ৰামত এটা দীঘলীয়া পোষ্ট দি এই কথা জনায়। তেওঁ লিখিছে, “আজি মই সকলো ফৰ্মেটত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক পদৰ পৰা আঁতৰি আহিছো। এইটো সহজ সিদ্ধান্ত নাছিল। ইয়াত বছৰ বছৰ ধৰি স্মৃতি, আৱেগ, ত্যাগ জড়িত হৈ আছে।”

উল্লেখ্য যে কালি গুৱাহাটীত BCCI ৰ এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছিল। BCCI সচিব দেৱজিৎ শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত হৰমনপ্ৰীত, উপ-অধিনায়ক স্মৃতি মান্ধানা আৰু মুখ্য প্ৰশিক্ষক অমল মুজুমদাৰ উপস্থিত আছিল। তাৰ পিছদিনাই এই ঘোষণা।

unimex

হৰমনপ্ৰীতৰ অধিনায়কত্বত ভাৰতে প্ৰথমবাৰৰ বাবে ২০২৫ চনত ODI বিশ্বকাপ জয় কৰিছিল। লগতে ৪ বাৰ এছিয়া কাপ আৰু ২ বাৰ এছিয়ান গেমছত সোণৰ পদক জয় কৰিছিল। তেওঁ ৫ খন টেষ্ট, ৫১ খন ODI আৰু ১৫৫ খন T20 ত ভাৰতক নেতৃত্ব দিছিল।

তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁ অধিনায়ক পদৰ পৰাহে আঁতৰিছে, খেলৰ পৰা নহয়। তেওঁ লিখিছে, “অধিনায়কত্বৰ অন্ত পৰিছে। যাত্ৰা চলি থাকিব। এতিয়া মই খেলৰ প্ৰতি থকা ভালপোৱাৰ বাবে খেলিব বিচাৰো।”

পৰৱৰ্তী অধিনায়ক হিচাপে স্মৃতি মান্ধানাৰ নাম আটাইতকৈ আগত আছে।

Leave A Reply

Your email address will not be published.

Translate »