আজি মুকলি হ’ল ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনি; বন্যাৰ্ত শিক্ষাৰ্থীলৈ আৰ্থিক সাহায্য ঘোষণা
বৃহস্পতিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ আবেদন পত্ৰ মুকলি কৰে । ২০২৬-২৭ বিত্তীয় বৰ্ষত নতুনকৈ এক লাখ ছাত্ৰীক এই আঁচনিৰ সুবিধা প্ৰদান কৰা হ’ব বুলি সদৰী কৰিছে ৰাজ্য চৰকাৰে । কলাক্ষেত্ৰত অনুষ্ঠিত কেন্দ্ৰীয় অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
ৰাজ্যৰ ১,৯৫৯ খন শিক্ষানুষ্ঠান সামৰি মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনি ৰূপায়ণ কৰা হৈছে । ইয়াত অন্তৰ্গত কৰা হৈছে ১,৫০৭খন উচ্চতৰ মাধ্যমিক বিদ্যালয়, ২৬ খন পলিটেকনিক প্ৰতিষ্ঠান, ৩৫৩ খন মহাবিদ্যালয়, ২৮ খন ভেঞ্চাৰ মহাবিদ্যালয়, ২৪খন বি.এড. মহাবিদ্যালয়, ১৮খন ৰাজ্যিক বিশ্ববিদ্যালয় আৰু ২খন কেন্দ্ৰীয় বিশ্ববিদ্যালয় ।
চৰকাৰী তথ্য অনুসৰি, বৰ্তমানলৈকে এই আঁচনিৰ জৰিয়তে ৩ লাখ ৯৩ হাজাৰ ৪৮৬গৰাকী ছাত্ৰী উপকৃত হৈছে । এই আঁচনিৰ বাবে ইতিমধ্যে ৪৩১ কোটি টকা ব্যয় কৰা হৈছে ।

বানপীড়িত জিলাৰ বিদ্যালয়সমূহলৈ আৰ্থিক সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে । বানত ক্ষতিগ্ৰস্ত হৈছিল ৭৯৩খন বিদ্যালয় । শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাৰ বিদ্যালয়লৈ সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ । ২ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰিব চৰকাৰে।
ইয়াৰ লগতে, একাদশ, দ্বাদশ শ্ৰেণীৰ ছাত্ৰীয়ে মাহেকত লাভ কৰিব ৮০০ টকা । স্নাতক বৰ্ষৰ ছাত্ৰীয়ে প্ৰতিমাহে পাব ১২৫০ টকাকৈ । স্নাতকোত্তৰ ছাত্ৰীসকলে প্ৰতিমাহে পাব ২৫০০ টকা । নিযুত বাবুৰ স্নাতক পাঠ্যক্ৰমৰ ছাত্ৰই প্ৰতি মাহে পাব ১ হাজাৰ টকা । স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰই প্ৰতিমাহে লাভ কৰিব ২ হাজাৰকৈ টকা ।
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ মুকলি কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে চাকৰিৰ নামত এতিয়া দুৰ্নীতি নহয় । অহা ৫ বছৰতো দুৰ্নীতি হ’বলৈ নিদিওঁ ।