Your Mic Your Voice

বাঁহেৰে নিৰ্মিত চাইকেল আনুষ্ঠানিকভাৱে মুকলি

0

গুৱাহাটী: ৰাজ্যত বহনক্ষম যাতায়াত ব্যৱস্থাৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি উজান বজাৰস্থিত সতী ৰাধিকা শান্তি উদ্যানত আয়োজিত এক অনুষ্ঠানত অসমত উৎপাদিত বাঁহেৰে নিৰ্মিত চাইকেল আনুষ্ঠানিকভাৱে মুকলি কৰে।

উল্লেখ্য যে, পুণেৰ ‘বেম্বো ইণ্ডিয়া প্রাইভেট লিমিটেড’ নামৰ প্রতিষ্ঠানটোৱে বাঁহেৰে চাইকেল নিৰ্মাণৰ এই অভিনৱ পদক্ষেপ গ্রহণ কৰিছে। অসমক বাঁহৰ চাইকেল নির্মাণ আৰু বহনক্ষম যাতায়াতৰ ক্ষেত্ৰত দেশৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা এই প্রকল্পত বিনিয়োগ কৰা হৈছে প্রায় ১৫ কোটি টকা। প্রথম বছৰত এই প্রকল্পটোৰ জৰিয়তে ৫০ৰ পৰা ১০০টা প্রত্যক্ষ কর্ম সংস্থাপনৰ সুযোগ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। প্ৰাৰম্ভিক পৰ্যায়ত প্রতি মাহে প্রায় ১ হাজাৰখন চাইকেল প্ৰস্তুত কৰাৰ বাবে প্রতিষ্ঠানটোৱে পৰিকল্পনা গ্রহণ কৰিছে।

unimex

এই উপলক্ষে মুখ্যমন্ত্রী ড° শৰ্মাই গান্ধী জয়ন্তীৰ আজিৰ এই পৱিত্ৰ দিনটোত চাইকেল নির্মাণত বাঁহ ব্যৱহাৰৰ দৰে নতুন প্রয়োগ আৰম্ভ কৰিবলৈ পাই আনন্দিত হোৱা বুলি মন্তব্য কৰে। তেওঁ কয় যে পুণেস্থিত ঔদ্যোগিক প্রতিষ্ঠানটোৱে অসমৰ বাঁহেৰে ইতিমধ্যে টুথ ব্রাছ, ফণিকে ধৰি কেইবাবিধো সামগ্ৰী প্ৰস্তুত কৰি আহিছে। বেম্বো ইণ্ডিয়া প্রাইভেট লিমিটেডে সামগ্রী প্রস্তুতৰ বাবে অসমৰ বাঁহ ব্যৱহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে প্ৰতিষ্ঠানটোক অসমতে এটা উদ্যোগ স্থাপন কৰিবলৈ আহ্বান জনাইছিল। মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্য চৰকাৰৰ এই আহ্বানলৈ সঁহাৰি জনাই প্রতিষ্ঠানটোৱে বাঁহেৰে চাইকেল নিৰ্মাণৰ প্ৰস্তাৱ দাঙি ধৰিছিল। সম্প্রতি ছয়গাঁওস্থিত বেম্বো পার্কত বেম্বো ইণ্ডিয়া প্রাইভেট লিমিটেডে এনে চাইকেল নিৰ্মাণৰ পদক্ষেপ গ্রহণ
কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে আজিৰ অনুষ্ঠানৰ জৰিয়তে আনুষ্ঠানিকভাবে মুকলি কৰা বাঁহৰ চাইকেলসমূহ সৰ্বসাধাৰণ জনতাৰ মতামত গ্ৰহণৰ উদ্দেশ্যে গুৱাহাটী মহানগৰীৰ বিভিন্ন উদ্যানত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব। এই দিশত যদি জনসাধাৰণে ইতিবাচক মতামত আগবঢ়ায় তেনেহ’লে ভবিষ্যতে ৰাজ্য চৰকাৰে বাঁহেৰে চাইকেল নির্মাণকার্যলৈ পৃষ্ঠপোষকতা আগবঢ়াব বুলিও তেওঁ কয়। নির্মিত চাইকেলসমূহৰ গুণগত মান আৰু সুৰক্ষা বি আই এছ-ৰ দৰে স্বীকৃতিপ্রাপ্ত প্রতিষ্ঠানে প্রমাণীকৰণ কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে।

অসমত প্ৰচুৰভাৱে উৎপাদিত বাঁহক কেন্দ্ৰ কৰি বিভিন্ন ধৰণৰ উদ্যোগ স্থাপনৰ দিশত থকা ব্যাপক সম্ভাৱনাৰ কথাও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক পদক্ষেপ লৈ বাঁহক গছৰ পৰা ঘাঁহ হিচাপে শ্রেণীভুক্ত কৰাৰ পিচৰে পৰা বাঁহভিত্তিক উদ্যোগ স্থাপনেৰে বিভিন্ন সামগ্রী নিৰ্মাণৰ কাম যথেষ্ট বৃদ্ধি পাইছে। বহুমুখী কামত ব্যৱহাৰ কৰিব পৰা বাঁহৰ পৰা প্রায় ৮০০ বিধ সামগ্রী প্রস্তুত কৰিব পাৰি বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে উৎকৃষ্ট টাইলছ, মিথানল, ইথানল তথা বিমানৰ বাবে বহনক্ষম ইন্ধন পর্যন্ত বাঁহৰ পৰা উৎপাদন কৰিব পৰা যায়। সম্প্রতি বাঁহক লৈ বিশ্বজুৰি যিধৰণৰ গৱেষণা চলি আছে, তাৰ ফলস্বৰূপে আগন্তুক ১০ বছৰত বাঁহ এবিধ মূল্যৱান সম্পদলৈ ৰূপান্তৰিত হ’ব বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে ইয়াৰ ফলত ৰাজ্যৰ বাঁহ খেতিয়কসকলো যথেষ্ট উপকৃত হ’ব। তেওঁ লগতে কয় যে বাঁহেৰে চাইকেল নিৰ্মাণৰ এই প্রয়োগ যদি সফল হয় তেন্তে অসমে এই দিশত এটা উল্লেখনীয় খোজ দিবলৈ সক্ষম হ’ব।

আজিৰ এই অনুষ্ঠানত মুখ্য সচিব ড° ৰবি কোটা, ব্যুৰো অব ইণ্ডিয়ান ষ্টেণ্ডার্ড (বি আই এছ)ৰ উপ সঞ্চালক প্রধান ড° মীনাক্ষী গণেশন, বেম্বো ইণ্ডিয়া প্রাইভেট লিমিটেডৰ প্ৰতিষ্ঠাপক তথা সঞ্চালক যোগেশ সুৰেশ সিন্দেকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.

Translate »