মহিলাৰ বাবে ডাঙৰ খবৰ! আজিৰ পৰা ৮৪ লাখ মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা আৰম্ভ
২ অক্টোবৰৰ পৰা তামিলনাডুত আৰম্ভ হ’ল ‘ভেট্ৰি পয়ণম’ আঁচনি। ৮৪ লাখ মহিলা আৰু ট্ৰান্সজেণ্ডাৰে ১২,৬৯২ খন চৰকাৰী বাছত বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰিব।
মহিলা সকলৰ বাবে আহিল ভাল খবৰ। আজি ২ অক্টোবৰ, মহাত্মা গান্ধীৰ জন্ম জয়ন্তীৰ পবিত্ৰ দিনটোত তামিলনাডু চৰকাৰে মহিলা সকলৰ বাবে এক ঐতিহাসিক উপহাৰ ঘোষণা কৰিছে।
ৰাজ্য চৰকাৰে ‘ভেট্ৰি পয়ণম’ (Vettri Payanam)নামৰ এক সম্প্ৰসাৰিত বিনামূলীয়া বাছ যাত্ৰা প্ৰকল্প আজিৰে পৰা আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে।
৮৪.৩২ লাখ মহিলা উপকৃত হ’ব
চৰকাৰী তথ্য অনুসৰি এই আঁচনিৰ জৰিয়তে প্ৰতিদিনে প্ৰায় ৮৪ লাখ ৩২ হাজাৰ মহিলা প্ৰত্যক্ষভাৱে উপকৃত হ’ব। কেৱল মহিলাই নহয়, ট্ৰান্সজেণ্ডাৰ সকলেও এই সুবিধা লাভ কৰিব।
কোনবোৰ বাছত পাব বিনামূলীয়া সেৱা?

আগতে কেৱল চহৰৰ সাধাৰণ বাছতহে এই সুবিধা আছিল। কিন্তু নতুন আঁচনিত ইয়াক বহুখিনি বঢ়াই দিয়া হৈছে।
১. পৌৰসভা আৰু নিগমৰ ভিতৰত চলা এক্সপ্ৰেছ বাছ
২. লিমিটেড ষ্টপ ছাৰ্ভিছ
৩. ডিলাক্স বাছ
৪. ৪০ কিলোমিটাৰতকৈ অধিক দূৰত্বৰ মফচলীয় বাছ
৫. পাহাৰীয়া অঞ্চলৰ সাধাৰণ বাছ
মুঠ ১২,৬৯২ খন চৰকাৰী বাছত এই সুবিধা পোৱা যাব। ৰাজ্যৰ ৭টা পৰিবহণ নিগমৰ মুঠ বাছৰ ৬৯ শতাংশ আৰু মুঠ ট্ৰিপৰ ৮৫ শতাংশ (১,৬৫,৩১২ টা ট্ৰিপ) এই আঁচনিৰ অধীনলৈ আহিছে।
চৰকাৰৰ উদ্দেশ্য কি?
মুখ্যমন্ত্ৰী চি. জোচেফ বিজয়ৰ নেতৃত্বাধীন চৰকাৰে কৈছে যে, মহিলা সকলৰ যাতায়াত অধিক সুচল, সুলভ আৰু সুৰক্ষিত কৰাই ইয়াৰ মূল লক্ষ্য। ইয়াৰ ফলত মহিলা সকলে কম খৰচত কৰ্মক্ষেত্ৰ, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু হাস্পতাললৈ যাব পাৰিব আৰু অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ’ব।
যোৱা ছেপ্টেম্বৰত ইয়াৰ পৰীক্ষামূলক ট্ৰায়েল ৰান সফল হোৱাৰ পিছত আজিৰ পৰা পূৰ্ণোদ্যমে আৰম্ভ হৈছে।দিল্লী আৰু কৰ্ণাটকৰ পিছত তামিলনাডুৰ এই মডেলে এতিয়া সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে।