Your Mic Your Voice

১.৫ কোটি ৰেচন কাৰ্ড বাতিলৰ পথত! তালিকাত আপোনাৰ নাম আছে নেকি?

0

দেশজুৰি ৰেচন কাৰ্ড লৈ চলিছে ডাঙৰ পৰীক্ষণ। ভুৱা আৰু অযোগ্য হিতাধিকাৰীক বাদ দিবলৈ কেন্দ্ৰই দেশজুৰি বিশেষ অভিযান চলাইছে।

সূত্ৰ অনুসৰি, যোৱা ৬ মাহ ধৰি এবাৰো ৰেচন নোলোৱা প্ৰায় ১.৫ কোটি কাৰ্ডক চৰকাৰে Silent Ration Card হিচাপে চিহ্নিত কৰিছে। এনে কাৰ্ডবোৰ এতিয়া নিষ্ক্ৰিয় কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।

আচলতে বহু ক্ষেত্ৰত এজন লোকৰে দুখন কাৰ্ড, কোনোবাৰ মৃত্যু হৈছে বা কোনোবা আন ৰাজ্যলৈ গুচি গৈছে, তেনে অৱস্থাত কাৰ্ড ব্যৱহাৰ নহয়। এনে অচল কাৰ্ডবোৰ বাদ দি যোগ্য লোককহে সুবিধা দিয়াটোৱে চৰকাৰৰ লক্ষ্য।

unimex

ভয় খাব নালাগে, সুযোগ আছে

আপোনাৰ কাৰ্ড যদি Silent তালিকাত পৰিছেও, চিন্তা নাই। প্ৰকৃত হিতাধিকাৰীয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰত e-KYC কৰিলেই কাৰ্ড পুনৰ Active হৈ যাব। আধাৰ কাৰ্ড আৰু প্ৰয়োজনীয় নথি লৈ ওচৰৰ ৰেচন দোকানত যোগাযোগ কৰিলেই হ’ল। ৬ মাহ ৰেচন নল’লেই বাতিল হ’ব বুলি ভবাটো ভুল।

সেয়ে সকলো ৰেচন কাৰ্ডধাৰীয়ে নিজৰ e-KYC সম্পূৰ্ণ হৈছে নে নাই এবাৰ Check কৰি লওক, যাতে পিছত অসুবিধাত পৰিব লগা নহয়।

Leave A Reply

Your email address will not be published.

Translate »