Your Mic Your Voice

অসম-অৰুণাচল সীমান্তত গুলীয়াগুলিৰ ঘটনা: উচিত তদন্তৰ আশ্বাস মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ

0

অসম-অৰুণাচল সীমান্তত সংঘটিত গুলীচালনাৰ ঘটনাৰ সৈতে জড়িত থকাসকলৰ কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে । অসম চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বুধবাৰে সামাজিক মাধ্যমযোগে এই কথা জানিবলৈ দিয়ে ৷

১০ আগষ্টৰ দিনা ধেমাজি জিলাৰ আন্তঃৰাজ্যিক সীমান্তত অৰুণাচলী লোকৰ সৈতে অসমীয়াৰ তীব্ৰ সংঘৰ্ষ হয় । ভূমি বেদখলকেন্দ্ৰিক এই ঘটনাত অৰুণাচলী দুৰ্বৃত্তই গুলীচালনা কৰাত অসমৰ কমেও ১২ জনকৈ লোক আহত হয় আৰু ইয়াৰ পাচতে অধিক উত্তেজনাময় হৈ পৰে অসম-অৰুণাচল সীমান্ত ।

unimex

এটা ছ’চিয়েল মিডিয়া প’ষ্টত মন্ত্ৰী পেগুৱে কয়, “অৰুণাচল প্রদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডুৱে আজি পুৱা মোক ফোন কৰি আশ্বাস দিয়ে যে ধেমাজিৰ মিংমাঙৰ বদতিত সংঘটিত গুলীচালনাৰ ঘটনাৰ সঠিক আৰু নিৰপেক্ষ তদন্ত হ’ব ৷”

সীমা বিবাদ আমাৰ ৰাজ্যৰ বাবে নতুন কথা নহয় । অসম চৰকাৰে ২৯ জুলাইৰ দিনা বিধানসভাত কয় যে অৰুণাচল প্ৰদেশে ১৬,১৪৪.০১ হেক্টৰ মাটি বেদখল কৰিছে । এই বেদখল কৰা ভূমিসমূহৰ ভিতৰত অৰুণাচল প্ৰদেশে ৮৫৮.৯১ বৰ্গ কিঃমিঃ ভূমি অৰুণাচলে নিজৰ বুলি দাবী কৰি আহিছে ।

Leave A Reply

Your email address will not be published.

Translate »