Your Mic Your Voice

অমৃতপ্ৰভাৰ জামিনক লৈ প্ৰশ্ন – কেনেকৈ মুক্তি পালে? অভিনেতা অৰুণ হাজৰিকাৰ প্ৰতিক্ৰিয়া

0

মুখ্যমন্ত্ৰীয়ে নিজে কৈছিল – জুবিন গাৰ্গক হত্যা কৰা হৈছে, এজনে হত্যা কৰিছে আৰু বাকী তিনি-চাৰিজনে সহযোগ কৰিছে। অমৃতপ্ৰভা মহন্তই ষড়যন্ত্ৰ কৰি সুৰা সেৱন কৰাইছিল। সেয়েহে এই গোচৰৰ চাৰ্জশ্বিট পানী নসৰা হ’ব আৰু দোষীয়ে ৰেহাই নাপায়। কিন্তু এতিয়া সেই অমৃতপ্ৰভাই কেনেকৈ জামিন পালে? এই প্ৰশ্ন বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাৰ।

unimex

তেওঁ লগতে কয়, যি তদন্তক পানী নসৰা বুলি কোৱা হৈছিল, সেই তদন্তৰ পানী এতিয়া টোপাটোপে সৰিছে। আজি এজন ওলাই গ’ল, কাইলৈ বাকীসকলৰ কি হ’ব? আমি এতিয়াও আদালতৰ ওপৰত আস্থা ৰাখিছোঁ, কিন্তু যদি এনেকৈয়ে সকলো সাৰি যায়, তেন্তে ৰাইজে মনে মনে নাথাকে। অসমীয়া কেতিয়াও হাৰ মানি যোৱা জাতি নহয়।

আনহাতে তেজপুৰত এখন আচবাবৰ শ্ব’-ৰূম উদ্বোধন কৰিবলৈ আহি অভিনেতা যতীন বৰাই কয়, জুবিনৰ সৈতে তেওঁৰ আত্মিক সম্পৰ্ক আছিল। তেওঁৰ মতে, চাৰ্জশ্বিটত থকা ক্ৰুটি বা সুৰুঙাৰ বাবেই অমৃতপ্ৰভাই জামিন লাভ কৰিছে। চাৰ্জশ্বিটখন দুৰ্বল যেন অনুভৱ হৈছে যদিও তেওঁ ন্যায় ব্যৱস্থাৰ ওপৰত এতিয়াও আশাবাদী। জুবিনে ন্যায় পাবই লাগিব।

Leave A Reply

Your email address will not be published.

Translate »