বিহাৰত ভয়ংকৰ নাও দুৰ্ঘটনা! মৃত্যু ১৩ জনলৈ বৃদ্ধি, শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
বিহাৰত সংঘটিত হৈছে এক ভয়ংকৰ নাও দুৰ্ঘটনা। এই দুৰ্ঘটনাত নিহতৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি পাইছে। ঘটনাটোৱে সমগ্ৰ ৰাজ্যজুৰি শোকৰ ছাঁ পেলাইছে।
প্ৰাপ্ত তথ্য অনুসৰি, এখন সৰু নাও অত্যধিক যাত্ৰীৰে সৈতে নদী পাৰ হৈ থকা অৱস্থাত হঠাৎ নদীৰ মাজত দুৰ্ঘটনাগ্ৰস্ত হয়। প্ৰত্যক্ষদৰ্শীৰ মতে, নাওখনত ধাৰণ ক্ষমতাতকৈ বেছি লোক উঠাৰ বাবেই এই অঘটন সংঘটিত হয়। নাওখন ডুব যোৱাৰ লগে লগে বহু যাত্ৰী পানীত পৰি যায়। স্থানীয় লোকে ততাতৈয়াকৈ উদ্ধাৰ অভিযান চলাই যদিও ১৩ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
বৰ্তমানলৈকে কেইবাজনো লোক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। SDRF আৰু NDRF দলে ঘটনাস্থলত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

এই মৰ্মান্তিক দুৰ্ঘটনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে, “বিহাৰৰ নাও দুৰ্ঘটনাৰ খবৰ শুনি মৰ্মাহত হৈছোঁ। নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ।”
লগতে বিহাৰৰ মুখ্যমন্ত্ৰীয়ে নিহতৰ পৰিয়াললৈ ৪ লাখ টকাকৈ ক্ষতিপূৰণ ঘোষণা কৰিছে। আহতসকলক চৰকাৰী খৰচত চিকিৎসা প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে।
ঘটনাৰ পিছতে জিলা প্ৰশাসনে তদন্তৰ নিৰ্দেশ দিছে। নাওখনৰ অনুমতি আছিল নে নাই আৰু কিয় অত্যধিক যাত্ৰী কঢ়িয়াইছিল সেই সন্দৰ্ভত তদন্ত চলি আছে।