সতী সাধনীৰ প্ৰতিমূৰ্তি নিৰ্মাণক লৈ যোৰহাটত বিতৰ্ক, মুকলিত বাধা দিয়াৰ হুংকাৰ
চুতীয়া জনগোষ্ঠীৰ আৰাধ্য, শৌৰ্য-বীৰ্য আৰু ত্যাগৰ প্ৰতীক বীৰাংগনা আই সতী সাধনীৰ প্ৰতিমূৰ্তি নিৰ্মাণক লৈ তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে যোৰহাটত। এই ক্ষোভ প্ৰকাশ কৰিছে চুতীয়া যুৱ সন্মিলন অসমৰ যোৰহাট জিলা সমিতিয়ে।
জানিব পৰা মতে, পশ্চিম যোৰহাটৰ সাধনী ভৱন চৌহদত চৰকাৰী অনুদানৰ প্ৰায় ১২ লাখ টকা ব্যয়েৰে আই সতী সাধনীৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰি থকা হৈছে। কিন্তু এই প্ৰতিমূৰ্তিৰ নিৰ্মাণ শৈলী আৰু স্থানক লৈ এতিয়া গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

সংগঠনটোৰ অভিযোগ অনুসৰি, প্ৰতিমূৰ্তিটো যি স্থানত নিৰ্মাণ কৰা হৈছে তাৰ উচ্চতা কাষৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ সমান। যাৰ ফলত প্ৰতিমূৰ্তিটো ঘাইপথৰ পৰা প্ৰায় দেখা নাযায় আৰু চাৰিওফালৰ পৰা তলত পৰি থকা যেন লাগে। এগৰাকী বীৰাংগনাৰ প্ৰতিমূৰ্তিৰ বাবে এনে তলুৱা স্থান নিৰ্বাচন কৰাটো অতি দুৰ্ভাগ্যজনক বুলি সংগঠনটোৱে মন্তব্য কৰে।
তেওঁলোকে কয় যে সতী সাধনী কেৱল এগৰাকী ব্যক্তি নহয়, তেওঁ সমগ্ৰ চুতীয়া জাতিৰ স্বাভিমান। গতিকে তেওঁৰ প্ৰতিমূৰ্তি নিৰ্মাণত উপযুক্ত পৰিকল্পনা আৰু সন্মান জনোৱা উচিত আছিল।
শেষত সংগঠনটোৱে স্পষ্ট হুংকাৰ দিয়ে যে যদিহে প্ৰতিমূৰ্তিটোৰ বেদীৰ উচ্চতা বৃদ্ধি কৰি ওখ ঠাইত পুনৰ নিৰ্মাণ নকৰে, তেন্তে তেওঁলোকে কোনো কাৰণতে সেই প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ নিদিয়ে।