Your Mic Your Voice

দৰঙৰ খাৰুপেটীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত ৫,সংকটজনক অৱস্থাত ২ জন

0

দৰং জিলাৰ খাৰুপেটীয়াৰ ফকিৰপাৰাত বুধবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত ৫ জনকৈ লোক আহত হোৱাৰ লগতে ২ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত ফকিৰপাৰাৰ পৰা নেপালী বজাৰলৈ যোৱা পথত এই দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, AS13AC8139 নম্বৰৰ এখন ই-ৰিক্সা যাত্ৰী কঢ়িয়াই গৈ থকা অৱস্থাত পিছফালৰ পৰা তীব্ৰ বেগেৰে আহি থকা এখন মটৰ চাইকেলে প্ৰচণ্ড জোৰে খুন্দা মাৰে।

unimex

খুন্দাৰ ফলত যাত্ৰীসহ ই-ৰিক্সাখন পথৰ কাষৰ দ-গাতত বাগৰি পৰে। এই ঘটনাত ই-ৰিক্সাত থকা ৩ জন যাত্ৰী আহত হয়। আনহাতে মটৰ চাইকেলত থকা দুজন যুৱকো গুৰুতৰভাৱে আহত হয়।

স্থানীয় ৰাইজে ততাতৈয়াকৈ আহতসকলক উদ্ধাৰ কৰি মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইয়াৰে দুজনৰ অৱস্থা সংকটজনক বুলি চিকিৎসকে জানিবলৈ দিয়ে।

উল্লেখ্য যে, দুৰ্ঘটনাৰ পিছতে মটৰ চাইকেলখন ঘটনাস্থলীত প্ৰত্যক্ষ কৰা হোৱা নাই। ঘটনা সন্দৰ্ভত খাৰুপেটীয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Leave A Reply

Your email address will not be published.

Translate »