Your Mic Your Voice

দলগাঁৱৰ কোনাকাটা পাৰা হাইস্কুলত আমছুৰ উত্তাল প্ৰতিবাদ

0

দলগাঁৱৰ কোনাকাটা পাৰা হাইস্কুলত আমছুৱে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । বিদ্যালয়খনত অৰাজকতা, দুৰ্নীতি আৰু বিভিন্ন অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি সংগঠনটোৱে প্ৰধান শিক্ষকৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।

unimex

আমছুৰ অভিযোগ অনুসৰি, বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ আৰু প্ৰশাসনিক ব্যৱস্থাক লৈ স্থানীয় ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজতো অসন্তুষ্টিৰ সৃষ্টি হৈছে। বিভিন্ন অনিয়ম আৰু অভিযোগৰ ভিত্তিত প্ৰধান শিক্ষকজনক তৎকালীনভাৱে বৰ্খাস্ত কৰাৰ দাবী জনাই প্ৰতিবাদকাৰীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদ কাৰ্যসূচীত স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলেও অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে বিদ্যালয়খনৰ সমস্যাসমূহ শীঘ্ৰে সমাধান কৰাৰ লগতে উত্থাপিত অভিযোগসমূহৰ নিৰপেক্ষ আৰু সঠিক তদন্ত কৰাৰ দাবী জনায়।
ইফালে, এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অভিযোগসমূহৰ উপযুক্ত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ নকৰিলে আন্দোলন অধিক তীব্ৰ কৰাৰ হুংকাৰ দিয়ে আমছুৱে।প্ৰধান শিক্ষকক বৰ্খাস্ত নকৰালৈকে এই প্ৰতিবাদ চলি থাকিব বুলি স্পষ্টকৈ জানিবলৈ দিয়ে সংগঠনটোৱে।

Leave A Reply

Your email address will not be published.

Translate »