অভিনেতা মুস্তাক খানৰ পৰলোকগমন
মুম্বাই: জনপ্ৰিয় অভিনেতা তথা কমেডিয়ান মুস্তাক খানৰ পৰলোকগমন। ২৪ ছেপ্টেম্বৰৰ সন্ধিয়া মুম্বাইৰ নানাৱতী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল তেওঁ।

‘Welcome’, ‘Aashiqui’, ‘Hum Hain Rahi Pyar Ke’, ‘Gadar: Ek Prem Katha’, ‘Hera Pheri’, ‘Jodi No. 1’ আৰু ‘Stree 2’কে ধৰি বহু জনপ্ৰিয় ছবিত অভিনয়েৰে দৰ্শকৰ মাজত পৰিচিতি লাভ কৰিছিল মুস্তাক খানে। ‘Welcome’ ছবিত তেওঁৰ ‘Meri ek taang nakli hai…’ সংলাপ বিশেষভাৱে জনপ্ৰিয় হৈছিল।
চাৰি দশকৰো অধিক সময়জোৰা অভিনয় জীৱনত চলচ্চিত্ৰৰ লগতে টেলিভিছনতো সক্ৰিয় আছিল মুস্তাক খান। তেওঁৰ মৃত্যুৰ খবৰে হিন্দী চলচ্চিত্ৰ জগতত শোকৰ ছাঁ পেলাইছে।