বজালী আৰক্ষীৰ বৃহৎ সাফল্য, দুই চোৰ গ্ৰেপ্তাৰ
পাঠশালা: পাঠশালাৰ নিউ মা মনসা জুৱেলাৰীত সংঘটিত চুৰিকাণ্ডৰ তদন্তত বৃহৎ সাফল্য লাভ কৰিছে বজালী আৰক্ষীয়ে। ধুবুৰীৰ গোলকগঞ্জৰ পৰা নগদ ৫ লাখ ৫৬ হাজাৰ টকাসহ বৃহৎ পৰিমাণৰ সোণ-ৰূপৰ আ-অলংকাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী।
চুৰিকাণ্ডৰ সৈতে জড়িত অভিযোগত চহৰব আলি আৰু চহৰুদ্দিন শেইখ নামৰ দুজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ১৩ ছেপ্টেম্বৰত পাঠশালাৰ নিউ মা মনসা জুৱেলাৰীৰ পৰা কোটি টকা মূল্যৰ সোণ-ৰূপৰ আ-অলংকাৰ চুৰি হোৱা বুলি অভিযোগ উঠিছিল।

চুৰিকাণ্ডৰ সৈতে জড়িত সমগ্ৰ গেংটোক গ্ৰেপ্তাৰৰ বাবে বজালী আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। আৰক্ষীৰ সফলতাৰ বাবে বিধায়ক ধৰ্মেশ্বৰ ৰয়ে আৰক্ষীক গামোচাৰে অভিনন্দন জনায়।