নাৰী নহয়, এইবাৰ এছিড আক্ৰমণৰ বলি এজন পুৰুষ
তেজপুৰত চাঞ্চল্যকৰ ঘটনা । এচিডৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে এজন লোক । জানিব পৰা মতে, ৯ আগষ্টৰ নিশা সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনাটো ।

জানিব পৰা মতে যোৱা ৯ আগষ্টৰ নিশা প্ৰায় ৯ মান বজাত জেহেৰুল ইছলামে পত্নী ৰহিমা বেগম , ককায়েক ময়জউদ্দিন আৰু মাক মিলিয়ে ৰাজপথতে আগভেটি ধৰি মাৰধৰ কৰে জেহেৰুলক । ভুক্তভোগীৰ পৰিয়ালে জানিবলৈ দিয়া অনুসৰি নিজৰ বায়েকৰ ঘৰত ভাত খাবলৈ গৈ থকা অৱস্থাতে এই উল্লেখিত তিনিওজনে আগভেটি ধৰে জেহেৰুল ইছলামক আৰু ইয়াৰ পাচতে অশ্লীল গালি-গালাজ কৰাৰ লগতে চৰ-ঘোচা শোধায় । এই আক্ৰমণ অব্যাহত থকাৰ সময়তে লাডেন বোলা এজন ব্যক্তিয়ে এছিড ছটিয়াই দিয়ে জেহেৰুলৰ ওপৰত ।
এছিডৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰা জেহেৰুল ইছলাম বৰ্তমান দৰিকা হাস্পতালৰ ICU ত চিকিৎসাধীন হৈ আছে । এই সমগ্ৰ ঘটনা সন্দৰ্ভত মহাভৈৰৱ আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ লগতে ভুক্তভোগীৰ পৰিয়ালৰ সদস্যই তেজপুৰ আৰক্ষী অধীক্ষকৰ ওচৰতো এক লিখিত অভিযোগ দাখিল কৰে । এজহাৰৰ ভিত্তিতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।