Your Mic Your Voice

মালিগাঁৱত পানী হয় আমাৰ নিজৰ ভুলৰ বাবে: সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

0

“মেঘালয়ৰ পানীৰ বাবে দিছপুৰৰ পাৰ্শ্বৱৰ্তী অঞ্চলত কৃত্রিম বান হয় । এই সমস্যাটো মেঘালয়তে সমাধান কৰিব লাগিব । মালিগাঁৱত হোৱা কৃত্ৰিম বান আমাৰ নিজৰ ভুল । নলা বন্ধ কৰি দিয়াৰ বাবে মালিগাঁৱত পানী হৈছিল । বৰ্তমান ৰাইজে এই বিষয়ত সহযোগ কৰিছে -” বুধবাৰে দিছপুৰৰ লোক সেৱা ভৱনত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য আগবঢ়ায় । সংবাদমেলত উপস্থিত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত এনেদৰে কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মুখ্যমন্ত্রীয়ে কয়,”দিছপুৰৰ আশে পাশে যিবোৰ অঞ্চলত পানী জমা হয় তাৰ গোটেই সমস্যাটো হ’ল মেঘালয়ৰ পৰা দ্ৰুতগতিত অহা পানী । উচ্চতম ন্যায়ালয়ে এখন কমিটী কৰিছিল আৰু কমিটীখনে ইতিমধ্যে এখন প্ৰতিবেদন দিছে । প্ৰতিবেদনত কোৱা হৈছে যে যোৰাবাটত এখন সংৰক্ষিত বনাঞ্চল আছিল আৰু সেইখন নোহোৱা কৰি দিয়া হ’ল ।”

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “এখন বনাঞ্চল ধ্বংস কৰি পেলোৱা হ’ল । এতিয়া তাৰ পৰা যিটো পানীৰ ঢল নামি আহে সেয়া নিৰাময়ৰ বাবে কাৰো হাতত একো উপায় নাই । গতিকে ইয়াৰ সমাধানটো মেঘালয়ে বিচাৰিব লাগিব । সেই বনাঞ্চলখন যিকোনো উপায়ে ৰিক্লেইম কৰিব লাগিব । সেই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে । আমি এতিয়া সোনকাল কৰাৰ বাবে এখন আবেদন জনাম…।”

অৱশ্যে ইঞ্জিনিয়াৰৰ দুৰ্বল তত্বাৱধানত কেইবাটাও নলা অকাৰ্যকৰী হৈ পৰা বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰৰ ভুলবোৰো স্বীকাৰ কৰি শৰ্মাই কয়, ‘গুৱাহাটীৰ নলাসমূহে নিৰ্দিষ্ট নলালৈ পানী কঢ়িয়াই নিব লাগে, কিন্তু সেয়া সম্বৱপৰ নহয় । চৰকাৰৰ ক্ৰটি আৰু ভুল হৈছে, কিয়নো অভিযন্তাসকলে নলা নিৰ্মাণত নিয়োজিত ঠিকাদাৰসকলক সঠিকভাৱে তদাৰক কৰিব নোৱাৰিলে, যাৰ ফলত নিষ্কাশন ব্যৱস্থাটো অকাৰ্যকৰী হৈ পৰিছে ।”

unimex

গুৱাহাটীৰ বানপানীত অৰিহণা যোগোৱা আন এক কাৰক হিচাপে নাগৰিক আচৰণ, বিশেষকৈ জাবৰ নিষ্কাশনকও মুখ্যমন্ত্ৰীয়ে ফ্লেগ কৰি মালিগাঁও অঞ্চলক উদাহৰণ হিচাপে উল্লেখ কৰে।

“যেতিয়া মালিগাঁৱত ভয়াৱহ বানপানীৰ খবৰ আহিছে, তেতিয়া আমি বজাৰৰ পৰা আৱৰ্জনা নলাত পেলোৱা দেখিবলৈ পাইছো।এই নলাবোৰৰ পৰা উদ্ধাৰ হোৱা সামগ্ৰী ক’ৰ পৰা আহিছে সেইটোও আমি চিনাক্ত কৰিব লাগিব।আমাক স্থানীয় সমাধানৰ প্ৰয়োজন আছে।”

গুৱাহাটীৰ নগৰ আৰু কৃত্ৰিম বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ “নাগৰিক আন্দোলন”ৰ আহ্বান জনাই শৰ্মাই কয় যে মহানগৰীত আৱৰ্জনা নিষ্কাশন আৰু বৰষুণৰ পানী সংগ্ৰহৰ ক্ষেত্ৰত উন্নত পৰিকল্পনাৰ প্ৰয়োজন ।

‘বৰষুণৰ পানী সংগ্ৰহ আৰু আৱৰ্জনা নলাত পেলোৱাত বাধা দিয়াটো অতি প্ৰয়োজনীয় । এয়া এক জটিল সমস্যা কাৰণ ভৌগোলিকভাৱে পাহাৰেৰে আগুৰি থকা গুৱাহাটীৰ দৰে সৰু অঞ্চলত বৃহৎ জনসংখ্যা বাস কৰে ।”

Leave A Reply

Your email address will not be published.

Translate »