অসমৰ বান-খহনীয়া সংকটক ‘ৰাষ্ট্ৰীয় সমস্যা’ ঘোষণাৰ দাবীত ৰাজ্যপালৰ জৰিয়তে প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীলৈ প্ৰদেশ কংগ্ৰেছৰ স্মাৰক-পত্ৰ
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাহায্য আৰু পুনৰ সংস্থাপন বিভাগৰ অধ্যক্ষ প্ৰাণজিৎ দাসৰ নেতৃত্বত যোৱা এটা প্ৰতিনিধি দলে অসমৰ ৰাজ্যপালক সাক্ষাৎ কৰি ৰাজ্যখনৰ পুনৰাবৃত্তিমূলক ভয়াবহ বানপানী আৰু নদী খহনীয়াৰ সংকটক জৰুৰীভাৱে “ৰাষ্ট্ৰীয় সমস্যা” হিচাপে ঘোষণা কৰাৰ দাবী জনায়। প্ৰতিনিধি দলটোৱে ৰাজ্যপালগৰাকীৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী, কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰীলৈ কেবাদফীয়া দাবী সম্বলিত এখন জৰুৰী স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।
স্মাৰক-পত্ৰত উল্লেখ কৰা অনুসৰি, দশক দশক ধৰি অসমৰ জনসাধাৰণে প্ৰতি বছৰে বানপানী আৰু ভয়াৱহ নদী খহনীয়াৰ ফলত অপূৰণীয় ক্ষয়-ক্ষতিৰ সন্মুখীন হৈ আহিছে। ৰাজ্যখনৰ প্ৰায় ৪০ শতাংশ ভূখণ্ড অৰ্থাৎ প্ৰায় ৩১.০৫ লাখ হেক্টৰ এলেকা বানপানীৰ প্ৰৱণ, যিটো ৰাষ্ট্ৰীয় গড় ১০.২ শতাংশতকৈ যথেষ্ট বেছি। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অৱবাহিকাৰ পলস, বাৰিষাৰ অতিবৃষ্টি, নদীৰ বুকু বাম হৈ পৰা, মথাউৰি ভাঙি যোৱা আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱে পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে। ইয়াৰ ফলত কৃষক, শ্ৰমিক, চাহ বাগিচাৰ কৰ্মচাৰী আদিকে ধৰি লাখ লাখ লোকৰ জীৱিকা ধ্বংস হোৱাৰ লগতে অগণন পৰিয়াল স্থায়ীভাৱে স্থানচ্যুত হ’বলগীয়া হৈছে।

প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে স্পষ্ট কৰি দিয়ে যে এই সংকটৰ ব্যাপকতা আৰু পুনৰাবৃত্তিমূলক চৰিত্ৰ কেৱল ৰাজ্য চৰকাৰৰ একক সামৰ্থ্যৰ ভিতৰত সীমিত হৈ থকা নাই। সেয়েহে ইয়াৰ এক স্থায়ী আৰু বৈজ্ঞানিক সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰক অবিলম্বে এই সংকটক “ৰাষ্ট্ৰীয় সমস্যা” হিচাপে স্বীকৃতি দিবলৈ দাবী জনোৱা হৈছে। স্মাৰক-পত্ৰখনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰতিনিধি, বিজ্ঞানী, কাৰিকৰী বিশেষজ্ঞ আৰু বানপীড়িত ৰাইজৰ প্ৰতিনিধিক লৈ এখন উচ্চ পৰ্যায়ৰ ‘টাস্ক ফ’ৰ্চ’ গঠন কৰাৰ আহ্বান জনোৱা হয়। ইয়াৰ উপৰি, নদীৰ গতিপথ নিয়ন্ত্ৰণ, মথাউৰি শক্তিশালীকৰণ, বৈজ্ঞানিকভাৱে ড্ৰেজিং, ৰিয়েল-টাইম বান পূৰ্বানুমান তথা আগতীয়া সতৰ্কবাণী ব্যৱস্থা গঢ়ি তোলা আৰু খহনীয়াগ্ৰস্ত পৰিয়ালসমূহৰ পৰিকল্পিত পুনৰ সংস্থাপনৰ বাবে এখন বিস্তৃত ‘মাষ্টাৰ প্লেন’ প্ৰস্তুত কৰি পৰ্যাপ্ত কেন্দ্ৰীয় পুঁজি আবণ্টন কৰিবলৈ দাবী জনায়।
স্মাৰক-পত্ৰৰ জৰিয়তে প্ৰতিটো সংশ্লিষ্ট কেন্দ্ৰীয় মন্ত্ৰালয়ৰ মাজত ফলপ্ৰসূ সমন্বয় স্থাপন কৰি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ এক সুসংহত ব্যৱস্থাপনা নিশ্চিত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। প্ৰতিনিধি দলটোৱে ব্যক্ত কৰে যে কেৱল সাময়িক সাহায্যই এই পুৰণি সমস্যাৰ স্থায়ী সমাধান দিব নোৱাৰে। গতিকে অসমৰ জনসাধাৰণক এক নিৰাপদ, মৰ্যাদাপূৰ্ণ আৰু সুস্থিৰ ভৱিষ্যত প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এই ঐতিহাসিক আৰু সংবেদনশীল সিদ্ধান্ত অতি শীঘ্ৰে গ্ৰহণ কৰা উচিত বুলিও প্ৰতিনিধি দলটোৱে মত পোষণ কৰে।