সোণাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, ট্ৰাকৰ তলত সোমাল পথচাৰী
সোণাপুৰৰ বাৰুৱাৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
পথ পাৰ হ’বলৈ লওঁতেই এখন ট্ৰাকৰ তলত সোমাই পৰে এজন ব্যক্তি। ফলত গুৰুতৰভাৱে আহত হয় লোকজন।

পিছত স্থানীয় ৰাইজৰ সহযোগত গুৰুতৰভাৱে আহত লোকজনক সংকটজনক অৱস্থাত সোণাপুৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
আহত লোকজনক বাৰুৱাৰীৰ গোপীৰাম বড়ো (৫৬) বুলি চিনাক্ত কৰা হৈছে।
দুৰ্ঘটনাৰ পিছত অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হয়। আৰক্ষীয়ে ঘটনাস্থলত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।