Your Mic Your Voice

মাতৃক আঘাত কৰি স্কুলৰ গ্ৰুপত শেষ মেছেজ, তাৰ পিছতেই চৰম সিদ্ধান্ত অৰুণাভৰ

0

গুৱাহাটীৰ বামুণীমৈদামত ঘটা চাঞ্চল্যকৰ ঘটনাৰ নতুন তথ্য পোহৰলৈ আহিছে। নৱম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ অৰুণাভ কলিতাই মাতৃ চন্দ্ৰানী কলিতাক আঘাত কৰাৰ পিছত নিজৰ স্কুলৰ হোৱাটছএপ গ্ৰুপত সেই কথা জনাই নিজৰ জীৱন শেষ কৰে বুলি জানিব পৰা গৈছে।

পোৱা তথ্য অনুসৰি, মাতৃক আঘাত কৰাৰ পিছতেই অৰুণাভ ঘৰৰ পৰা ওলাই যায়। গ্ৰুপত তেওঁ লিখিছিল যে মাতৃ গুৰুতৰভাৱে আহত হৈছে আৰু মাতৃক বচাবলৈ সকলোকে অনুৰোধ জনাইছিল।

unimex

ইয়াৰ পিছতেই আৰক্ষীক খবৰ দিয়া হয়। আৰক্ষীৰ দল চন্দ্ৰানী কলিতাৰ ঘৰত উপস্থিত হৈ তেওঁক উদ্ধাৰ কৰি GMCH লৈ লৈ যায়। বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে যদিও অৱস্থা এতিয়াও সংকটজনক বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে তদন্তত সুবিধা পোৱাকৈ অৰুণাভে নিজৰ মোবাইলটো খুলি থৈ গৈছিল বুলি কোৱা হৈছে। আনহাতে স্কুলৰ শিক্ষকসকলৰ মতে, অৰুণাভ আছিল অতি শান্ত আৰু লাজকুৰীয়া ল’ৰা। পঢ়া-শুনাতো তেওঁ ভাল আছিল। তেওঁ এনে ঘটনা ঘটাব পাৰে বুলি কোনেও ভবা নাছিল।

লগতে বন্ধুসকলে জনোৱা মতে, অৰুণাভ ঘৰুৱা সমস্যাত ভুগি আছিল। পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদৰ বাবে তেওঁ মানসিকভাৱে ভাগি পৰিছিল বুলি কোৱা হৈছে। অৱশ্যে এই কথাবোৰ সঁচা নে মিছা, সেয়া আৰক্ষীৰ তদন্তৰ পিছতহে গম পোৱা যাব।

Leave A Reply

Your email address will not be published.

Translate »