পৱিত্ৰ বুদ্ধ অৱশেষ প্ৰদৰ্শনৰ বাবে অৰুণাচলৰ নামচাইলৈ আহিল
ভগৱান বুদ্ধৰ পৱিত্ৰ পিপৰহৱা অৱশেষ শনিবাৰে অৰুণাচল প্ৰদেশৰ নামচাই জিলাত আহি উপস্থিত হয়। পশ্চিম কামেং জিলাৰ বমডিলাত ছয় দিনীয়া প্ৰদৰ্শনৰ অন্তত এই অৱশেষ নামচাইলৈ অনা হয়। এইয়া ৰাজ্যখনত চলি থকা তিনিখন জিলাৰ আধ্যাত্মিক যাত্ৰাৰ অন্তিম পৰ্যায়।
প্ৰাচীন শাক্য বংশ আৰু ভগৱান বুদ্ধৰ জীৱনৰ সৈতে জড়িত এই পৱিত্ৰ অৱশেষে সমগ্ৰ বিশ্বৰ বৌদ্ধ সম্প্ৰদায়ৰ বাবে অপৰিসীম আধ্যাত্মিক আৰু ঐতিহাসিক গুৰুত্ব বহন কৰে বুলি উপ-মুখ্যমন্ত্ৰী চাওনা মেইনে কয়।
নামচাইৰ সোণালী পেগোডাত এই অৱশেষক আদৰণি জনোৱা হয়। ইয়াত বৌদ্ধ ধৰ্মাৱলম্বী আৰু দৰ্শনাৰ্থীসকলে ভগৱান বুদ্ধৰ পৱিত্ৰ অৱশেষক শ্ৰদ্ধাঞ্জলি জনাব পাৰিব।
অভিধম্ম দিৱস (ল্হাবাব দুচেন)ৰ পৱিত্ৰ উপলক্ষত আজি নামচাইয়ে ভগৱান শাক্যমুনি বুদ্ধৰ পৱিত্ৰ পিপৰহৱা অৱশেষ লাভ কৰিছে বুলি চাওনা মেইনে X-ত লিখিছে।

ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল কে টি পাৰ্ণাইকে নালুং হেলিপেডত অৱশেষক আদৰণি জনায়। তাৰ পাছত প্ৰায় ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ শোভাযাত্ৰাৰে অৱশেষক সোণালী পেগোডালৈ লৈ যোৱা হয়।
নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত সংৰক্ষিত এই অৱশেষ যোৱা ৩১ অক্টোবৰত অৰুণাচল প্ৰদেশলৈ আহিছিল। মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ঐতিহাসিক টাৱাং মঠত ইয়াক আনুষ্ঠানিকভাৱে আদৰণি জনাইছিল।
টাৱাং মঠত সাত দিনীয়া প্ৰদৰ্শনত প্ৰায় ৩১,০০০ ভক্তই শ্ৰদ্ধাঞ্জলি জনাইছিল। ইয়াৰ পাছত বমডিলাৰ টিজিএল মঠত ৮ নৱেম্বৰৰ পৰা ১৩ নৱেম্বৰলৈ প্ৰদৰ্শন কৰা হৈছিল।
নামচাইত এই প্ৰদৰ্শন ২০ নৱেম্বৰলৈকে চলিব। ৰাতিপুৱা ৬ বজাৰ পৰা বিয়লি ৪ বজালৈকে ভক্তসকলে দৰ্শন কৰিব পাৰিব। ২১ নৱেম্বৰত অৱশেষ পুনৰ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়লৈ ঘূৰাই লৈ যোৱা হ’ব।
এই প্ৰদৰ্শনৰ আয়োজন কৰিছে কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ে, অৰুণাচল প্ৰদেশ চৰকাৰ, আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সন্মিলন আৰু ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ সহযোগত।