Your Mic Your Voice

কিয় আন্তঃৰাষ্ট্ৰীয় বিমান সংস্থাসমূহক নবী মুম্বাইলৈ স্থানান্তৰিত হ’বলৈ কোৱা হৈছে?

0

মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (CSMIA) ৰ পৰা কিছুমান আন্তঃৰাষ্ট্ৰীয় বিমান সংস্থাক নবী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (NMIA) লৈ স্থানান্তৰিত হ’বলৈ কোৱাক লৈ এতিয়া ডাঙৰ বিতৰ্কৰ সৃষ্টি হৈছে।

আদানি গ্ৰুপে পৰিচালনা কৰা মুম্বাই বিমানবন্দৰে বিচাৰিছে যে ২০২৭ চনৰ ২৮ মাৰ্চৰ পৰা আৰম্ভ হোৱা Summer Schedule ৰ পৰা ১৪ টা আন্তঃৰাষ্ট্ৰীয় গন্তব্যস্থানলৈ যোৱা সকলো বিমান নবী মুম্বাইৰ পৰা চলিব।

সেই ১৪ টা গন্তব্য হ’ল – বাহৰেইন, দাম্মাম, ঢাকা, দোহা, ফুজাইৰাহ, জাকাৰ্তা, জেদ্দাহ, কাঠমাণ্ডু, কুৱেইট চিটি, মদিনা, মস্কাট, ৰাছ আল খাইমাহ, ৰিয়াদ আৰু শ্বাৰজাহ।

এই ৰুটত সপ্তাহত প্ৰায় ২০৫ টা বিমান চলে। ইয়াৰে ১২ টা বিদেশী বিমান সংস্থাই চলোৱা ১০২ টা বিমানৰ বিষয়ে এতিয়া বিবাদ হৈছে।

আচল কাৰণ কি?

১. টাৰ্মিনেল ১ ভাঙিব লাগে:
মুম্বাই বিমানবন্দৰৰ টাৰ্মিনেল ১ প্ৰায় ৬০ বছৰ পুৰণি। এপ্ৰিল মাহত তাত জুই লগা ঘটনাৰ পিছত সুৰক্ষাৰ প্ৰশ্ন উঠিছে। এতিয়া এই টাৰ্মিনেলটো ভাঙি নতুনকৈ সাজিব লাগে।

ভঙা-সজা কাম ২০২৭ চনৰ এপ্ৰিলত আৰম্ভ হ’ব আৰু ২০৩০ চনৰ ডিচেম্বৰত শেষ হোৱাৰ লক্ষ্য। এই সময়ত মুম্বাই বিমানবন্দৰৰ ক্ষমতা বছৰি প্ৰায় ৫০ লাখ যাত্ৰী, অৰ্থাৎ প্ৰায় ৯% কমি যাব।

সেই বাবেই আদানিয়ে কৈছে, কিছু বিমান নবী মুম্বাইলৈ গ’লে মুম্বাইত জাগা ওলাব।

২. এটা ৰুট, এটা বিমানবন্দৰ:
আদানিৰ যুক্তি, এটা গন্তব্যস্থানৰ সকলো বিমান এটা বিমানবন্দৰতে থাকিলে যাত্ৰীৰ অসুবিধা কম হ’ব। এটা ৰুট দুটা বিমানবন্দৰত ভাগ হ’লে যাত্ৰীয়ে কনফিউজ হ’ব।

ভাৰতীয় বিমান সংস্থা ইণ্ডিগ’, এয়াৰ ইণ্ডিয়া গ্ৰুপ আৰু আকাছা এয়াৰে ইতিমধ্যে এই ব্যৱস্থাত সন্মতি দিছে। ইণ্ডিগ’ই ২০২৭ চনৰ ফেব্ৰুৱাৰীৰ পৰা জুলাইৰ ভিতৰত দিনে ১২ টা আন্তঃৰাষ্ট্ৰীয় বিমান নবী মুম্বাইলৈ নিব।

বিদেশী সংস্থাই কিয় আপত্তি কৰিছে?

unimex

IATA আৰু ১২ টা বিদেশী বিমান সংস্থাই অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ক চিঠি লিখিছে।

সেই সংস্থাসমূহ হ’ল – এয়াৰ এৰাবিয়া, গাল্ফ এয়াৰ, কুৱেইট এয়াৰৱেজ, ওমান এয়াৰ, ছাউদিয়া, কাটাৰ এয়াৰৱেজ, ৰিয়াদ এয়াৰ, জাজিৰা এয়াৰৱেজ, ছালামএয়াৰ, ফ্লাইডিল, ফ্লাইনাছ আৰু নেপাল এয়াৰলাইন্স।

তেওঁলোকৰ আপত্তি:

১. জোৰকৈ স্থানান্তৰ:IATA-এ কৈছে, এইটো “Forced Relocation”। দুটা বিমানবন্দৰৰ ব্যৱস্থা বজাৰ আৰু বিমান সংস্থাৰ পছন্দ অনুসৰি গঢ় ল’ব লাগে, নিৰ্দেশ দি নহয়।

২. ঐতিহাসিক স্লট হেৰুৱাৰ ভয়: বছৰ বছৰ ধৰি পাই অহা স্লট (বিমান অহা-যোৱাৰ সময়) হেৰুৱাব বুলি তেওঁলোকে ভয় কৰিছে। এবাৰ নবী মুম্বাইলৈ গ’লে মুম্বাইৰ স্লট ঘূৰাই নাপাবও পাৰে।

৩. নবী মুম্বাই সাজু নহয়: গ্ৰাউণ্ড হেণ্ডলিং, ইঞ্জিনিয়াৰিং, কেটাৰিং, কাৰ্গ’, ক্ৰুৰ থকাৰ ব্যৱস্থা, যাত্ৰীৰ সংযোগ – এতিয়াও সম্পূৰ্ণ সাজু নহয় বুলি তেওঁলোকৰ অভিযোগ।

৪. দূৰত্ব: নবী মুম্বাই মুম্বাই চহৰৰ পৰা প্ৰায় ৩৫-৫০ কিলোমিটাৰ দূৰত। যাত্ৰীৰ বাবে অসুবিধা হ’ব।

৫. সময় কম:বিমান সংস্থাই সূচী, বিমান, টিকট বিক্ৰী মাহৰ আগতে ঠিক কৰে। হঠাতে সলনি কৰাটো সম্ভৱ নহয়। তেওঁলোকে অক্টোবৰ ২০২৭ লৈ সময় বিচাৰিছে।

এতিয়া কি হ’ব?

বিদেশী সংস্থাসমূহে মন্ত্ৰণালয়ক সুধিছে – আদানিয়ে ৩০ অক্টোবৰত দিয়া প্ৰস্তাৱত মন্ত্ৰণালয়ে অনুমোদন দিছিল নে? অনুমোদন নিদিয়াকৈয়ে তেওঁলোকৰ স্লট কিয় বাতিল কৰা হ’ল?

আনফালে মুম্বাই বিমানবন্দৰে কৈছে, এইটো সাময়িকহে। টাৰ্মিনেল ১ সাজি উঠিলে পৰিস্থিতি স্বাভাৱিক হ’ব।

নবী মুম্বাই বিমানবন্দৰৰ আৰম্ভণিৰ ক্ষমতা ২০ মিলিয়ন যাত্ৰী, ভৱিষ্যতে ৯০ মিলিয়নলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা আছে। দুয়োটা বিমানবন্দৰেই আদানি গ্ৰুপৰ হাতত থকা বাবে, বিদেশী সংস্থাই এই স্থানান্তৰক নবী মুম্বাইক জনপ্ৰিয় কৰাৰ কৌশল বুলিও সন্দেহ কৰিছে।

Leave A Reply

Your email address will not be published.

Translate »