Your Mic Your Voice

শিৱসাগৰত শিল ব্যৱসায়ীৰ বিস্ফোৰণ! ৪ মাহে বন্ধ কোৱেৰী, পথত নামিল শতাধিক লোক

0

শিৱসাগৰৰ দল মুখ চাৰিআলিত বৃহস্পতিবাৰে উত্তপ্ত পৰিস্থিতি। বিহুবৰ আৰু লক্ষ্মীজানৰ শিল ব্যৱসায়ী, শ্ৰমিক আৰু গাড়ী চালকে যৌথভাৱে সাব্যস্ত কৰে অৱস্থান ধৰ্মঘট।

১৯ জুলাইৰ প্ৰলয়ংকাৰী বানৰ পিছৰে পৰা চন্টক বিহুবৰ আৰু লক্ষ্মীজান বিহুবৰৰ শিলৰ কোৱেৰী আৰু ক্ৰেচাৰসমূহ সম্পূৰ্ণ বন্ধ হৈ আছে। ইয়াৰ ফলত হাজাৰ হাজাৰ পৰিয়াল এতিয়া চৰম আৰ্থিক সংকটত পৰিছে।

unimex

প্ৰতিবাদকাৰীসকলৰ অভিযোগ, অসম চৰকাৰে এতিয়ালৈকে নাগালেণ্ডৰ পৰা শিল সৰবৰাহৰ বাবে Road Permission দিয়া নাই। যাৰ বাবে যোৱা চাৰি-পাঁচ মাহ ধৰি শিল খনন বন্ধ।

উপাৰ্জনৰ পথ বন্ধ হোৱাত শ্ৰমিক, গাড়ী চালক, মেচিন অপাৰেটৰ আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ঘৰত চুলা জ্বলোৱাই টান হৈ পৰিছে। আনফালে কোৱেৰী আৰু ক্ৰেচাৰ মালিক, বাহনৰ গৰাকীসকলে বেংকৰ ঋণ পৰিশোধ কৰাত আৰু যন্ত্ৰপাতিৰ ৰক্ষণাবেক্ষণ কৰাত চৰম অসুবিধাৰ সন্মুখীন হৈছে।

প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী জনায় – সকলো চৰকাৰী নীতি-নিয়ম মানি, প্ৰয়োজনীয় অনুমতি লৈ সম্পূৰ্ণ বৈধ আৰু বিজ্ঞানসন্মত পদ্ধতিৰে পুনৰ শিল সৰবৰাহৰ অনুমতি দিয়ক।

Leave A Reply

Your email address will not be published.

Translate »