হৰমুজ প্ৰণালীত দুটা তেলৰ টেংকাৰত জুই: ‘দুৰ্ঘটনা’ বুলিহে ক’লে ইৰানৰ গাৰ্ডে!
হৰমুজ প্ৰণালীত দুটা তেলৰ টেংকাৰত জুই: ‘দুৰ্ঘটনা’ বুলিহে ক’লে ইৰানৰ গাৰ্ডে!
News:
ইৰানৰ ইছলামিক ৰিভলিউশ্যনেৰী গাৰ্ড কৰ্পছে (IRGC) বৃহস্পতিবাৰে জনাইছে যে হৰমুজ প্ৰণালীত অননুমোদিত পথেৰে যোৱাৰ সময়ত এটা “দুৰ্ঘটনা”ৰ ফলত ৪০ লাখ বেৰেলতকৈ অধিক তেল কঢ়িয়াই নিয়া দুটা টেংকাৰত জুই লাগে।
বিবৃতিত গাৰ্ডে কয়, “যোৱা নিশা দুটা টেংকাৰে নিয়ম উলংঘা কৰি আৰু ৰিভলিউশ্যনেৰী গাৰ্ডছ নৌসেনাৰ বাৰে বাৰে দিয়া সতৰ্কবাণীকো আওকাণ কৰি প্ৰণালীৰ নিষিদ্ধ দক্ষিণ সামুদ্ৰিক পথেৰে যাওঁতে দুৰ্ঘটনাত পতিত হয়।”

“দুৰ্ঘটনা”ৰ প্ৰকৃতি কি আছিল সেয়া তেওঁলোকে স্পষ্ট কৰা নাই, কিন্তু প্ৰচণ্ড বিস্ফোৰণৰ পাছত দুয়োখন টেংকাৰ অচল হৈ পৰে বুলি কয়।
গাৰ্ডে লগতে কয়, “এই দুটা ছুপাৰটেংকাৰে মুঠ ৪০ লাখ বেৰেলতকৈ অধিক তেল কঢ়িয়াই নিছিল, যিবোৰ এতিয়া জ্বলি আছে। এয়া আক্ৰমণাত্মক আমেৰিকান সেনাৰ ওপৰত অন্ধ বিশ্বাস ৰখাৰ পৰিণাম।”
ফেব্ৰুৱাৰীৰ শেষৰ ফালে মধ্যপ্ৰাচ্যৰ যুদ্ধ আৰম্ভ হোৱাৰ পাছৰে পৰা তেহৰাণে এই কৌশলগত জলপথেৰে যাতায়াতত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰি আহিছে। তেওঁলোকে অনুমোদিত পথেহে জাহাজ চলাচল কৰিব লাগিব বুলি জোৰ দি আহিছে। ইয়াৰ উত্তৰত আমেৰিকাই ইৰানৰ বন্দৰত নৌ-অৱৰোধ আৰোপ কৰিছে আৰু টেংকাৰবোৰক প্ৰণালী পাৰ হোৱাত সহায় কৰি আহিছে।
উল্লেখ্য যে, হৰমুজ প্ৰণালীৰে সাধাৰণতে বিশ্বৰ প্ৰায় এক-পঞ্চমাংশ তেল সৰবৰাহ হয়। শেহতীয়া সপ্তাহবোৰত তেহৰাণে নিষিদ্ধ বুলি গণ্য কৰা পথেৰে যাবলৈ চেষ্টা কৰা জাহাজত জুই লগাৰ একাধিক ঘোষণা কৰিছে।