আপত্তিজনক মন্তব্যৰ বাবে আৰক্ষীৰ জালত ২ কন্টেন্ট ক্রিয়েটৰ
উজনি অসমৰ লোকক লৈ সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত আৰক্ষীৰ জালত পৰিল ২ জন কন্টেন্ট ক্রিয়েটৰ।
আটকাধীন দুজনৰ নাম ধীমান ৰায় চৌধুৰী আৰু পিংগল প্ৰত্যুষ সিং বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, কিছুদিন পূৰ্বে সামাজিক মাধ্যমত এটা ভিডিঅ’ৰ জৰিয়তে দুয়োজনে উজনি অসমৰ লোকক লৈ আপত্তিজনক তথা অপমানজনক মন্তব্য কৰিছিল। ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
এই ঘটনাক লৈ ‘অসমীয়া যুৱ মঞ্চ’ই আমগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিতে আমগুৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি দুয়োজনকে আটক কৰে।
বৰ্তমান দুয়োজনকে আৰক্ষীয়ে সোধা-পোছা কৰি আছে। সামাজিক মাধ্যমত এনে ধৰণৰ মন্তব্যই সমাজত বিভাজন সৃষ্টি কৰিব পাৰে বুলি সচেতন মহলে মন্তব্য কৰিছে।