নাট্যনগৰী পাঠশালাত পুনৰ কহিনুৰ থিয়েটাৰৰ চমক!
পাঠশালাৰ বুকুত আকৌ উজলিব কহিনুৰৰ পোহৰ। ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাসত নতুন অধ্যায় ৰচিবলৈ সাজু হৈছে কহিনুৰ থিয়েটাৰ।
Swastik Hope & Care Foundation ৰ প্ৰয়োজনাত আৰু তত্বাৱধানত ২৭-২৮ নাট্যবৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল কহিনুৰ থিয়েটাৰৰ নতুন বেনাৰ। Foundation ৰ বিষয়ববীয়াই স্পষ্টকৈ ঘোষণা কৰে – কহিনুৰ পাঠশালাতে থাকিব।
নতুন দায়িত্বত প্ৰশান্ত বৰা
ভ্ৰাম্যমাণ থিয়েটাৰৰ আধুনিক খনিকৰ স্বৰ্গীয় ৰতন লহকৰৰ স্মৃতি বিজড়িত কহিনুৰ থিয়েটাৰ এতিয়াৰ পৰা সাংস্কৃতিক কৰ্মী প্ৰশান্ত বৰালৈ অৰ্পণ কৰা হৈছে।
এতিয়াৰ পৰা তপন লহকৰৰ বিপৰীতে প্ৰশান্ত বৰাই প্ৰযোজনাৰ দায়িত্ব গ্ৰহণ কৰিব।

তিনিখন ভিন্ন সোৱাদৰ নাটক
এইবাৰ ২৭-২৮ নাট্যবৰ্ষত দৰ্শকে উপভোগ কৰিব পাৰিব তিনিগৰাকী প্ৰতিষ্ঠিত নাট্যকাৰৰ তিনিখন ভিন্ন নাটক –
ভাস্কৰজ্যোতি শৰ্মা, বিনয় ডেকা আৰু প্ৰণৱ বৰুৱাৰ নাটকেৰে ন ৰূপেৰে আগবাঢ়িব কহিনুৰ।
কোন কোন শিল্পী থাকিব?
২৭-২৮ নাট্যবৰ্ষত চুক্তি হোৱা অভিনয় শিল্পীসকল হ’ল –
চিন্ময় কটকী, নন্দিনী কাশ্যপ, মুহি বৰা, বিনয় ডেকা, ৰাতুল দাস প্ৰমুখ্যে কেইবাগৰাকীও ন-পুৰণি শিল্পী।
পাঠশালাৰ দৰ্শকৰ বাবে এইবাৰ কহিনুৰ হ’ব এক বিশেষ উপহাৰ।