নিচুকাত ৰাইজৰ মাজত বিধায়ক ৰণজিৎ কুমাৰ দাস
সৰভোগৰ নিচুকাত শনিবাৰে ৰাইজৰ মাজত এক উৎসৱমুখৰ পৰিৱেশত মত-বিনিময় সভা অনুষ্ঠিত হয়। ৭ নং নিচুকা গাঁও পঞ্চায়তৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সক্ৰিয় সহযোগত নিচুকা তিনিআলি বজাৰৰ কাষত আয়োজিত এই সভাত অসম বিধানসভাৰ অধ্যক্ষ তথা স্থানীয় বিধায়ক ৰণজিৎ কুমাৰ দাসে অংশ লৈ ৰাইজৰ সৈতে আন্তৰিকভাৱে মত-বিনিময় কৰে।

সভাত বিধায়কগৰাকীয়ে ৰাইজৰ সৈতে পোনপটীয়াকৈ কথা পাতি অঞ্চলটোৰ বিভিন্ন অভাৱ-অভিযোগ, সমস্যা আৰু প্ৰয়োজনীয়তাৰ বিষয়ে বিতংকৈ বুজ লয়। লগতে ৰাইজৰ সমস্যাসমূহ দ্ৰুত সমাধানৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে।
ৰাইজৰ বিপুল উপস্থিতিয়ে সভাখনক অধিক সজীৱ কৰি তোলে আৰু অঞ্চলটোৰ উন্নয়নমূলক বিষয়সমূহৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনাৰ বাট মুকলি কৰে।