Your Mic Your Voice

মোদীক কনফিউজ নকৰিব, মোৰ সৈতে মুকলি বিতৰ্কৰ বাবে মনাওক: ৰাহুলৰ অমিত শ্বাহক প্ৰত্যাহ্বান

0

মোদীক কনফিউজ নকৰিব, মোৰ সৈতে মুকলি বিতৰ্কৰ বাবে তেওঁক মনাওক: অমিত শ্বাহক ৰাহুল গান্ধীৰ প্ৰত্যাহ্বান

ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন (SIR) ক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মুকলি বিতৰ্কৰ দাবীত পুনৰ সৰৱ হ’ল লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী।

unimex

X ত এটা পোষ্টযোগে তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক উদ্দেশ্যি কয়, “অমিত শ্বাহ জী, মোদী জীক কনফিউজ নকৰিব। মাত্ৰ তেওঁক মোৰ সৈতে মুকলি বিতৰ্কৰ বাবে মনাওক। যিকোনো মঞ্চ, যিকোনো সময়। ভয় নকৰিব।”

ৰাহুল গান্ধীয়ে অমিত শ্বাহৰ দুটা ভিন্ন মন্তব্যৰ ভিডিঅ’ও শ্বেয়াৰ কৰে। যোৱা বছৰৰ ডিচেম্বৰত সংসদত শ্বাহে কৈছিল SIR ৰ ওপৰত সংসদত আলোচনা হ’ব নোৱাৰে, কিন্তু ৫ নৱেম্বৰত কৰ্ণালৰ সভাত তেওঁ SIR ৰ বাবে বিশেষ অধিবেশন আহ্বান কৰিবলৈ সাজু বুলি কৈছিল।

ইয়াৰ পূৰ্বে অমিত শ্বাহে ৰাহুলক সংসদৰ ভিতৰত আলোচনা কৰিবলৈ প্ৰত্যাহ্বান জনাইছিল।

Leave A Reply

Your email address will not be published.

Translate »